ৱেইজিঙত পুনৰ ক’ভিড১৯ ৰ সন্ত্ৰাস

5eeb3c50988ee301354fe3d4

ৱেইজিঙত পুনৰ ২৬ জন লোকৰ শৰীৰত পোৱা গৈছে কৰ’না ভাইৰাছৰ উপস্থিতি ৷আনহাতে নেশ্যনেল হেল্থ কমিশ্যনৰ মতে ৱেইজিঙত একেদিনাই ২২ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । ইপিনে কৰ’নাত আক্ৰান্তসকলৰ ভিতৰত ছজনৰ শৰীৰত কোনো লক্ষণ পোৱা নাই ।

ADVERTISEMENT

উল্লেখযোগ্য যে চীনৰ পৰা উদ্ভাৱন হোৱা কৰ’না ভাইৰাছত দেশখনত ৮৩,৩৭৮ জন লোক আক্ৰান্ত হৈছিল ৷চীনৰ য়ুহান চহৰৰ পৰা আৰম্ভ হোৱা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ জনজীৱন স্তব্ধ কৰিছিল ৷ অৱশ্যে চীনত কৰ’না ভাইৰাছত নতুনকৈ এজনো মৃত্যু হোৱা লোকৰ তথ্য পোৱা নাই ৷আনহাতে ৱেইজিঙত প্ৰায় ২০ লাখ লোকৰ শৰীৰত ক’ভিড১৯ পৰীক্ষা কৰা হৈছিল। ৱেইজিঙত ৪৭৪ টা স্থানত ২০৮৩ টা কেন্দ্ৰ কৰ’না ভাইৰাছ পৰীক্ষা কৰিবৰ কাৰণে স্থাপন কৰা হৈছে।

ইয়াত ৭,৪৭২ জন চিকিৎসা কৰ্মীক ৰখা হৈছে। আনহাতে সমগ্ৰ বিশ্বত ২০০ তকৈ অধিক দেশত কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷বিশ্বৰ ভিতৰত আমেৰিকাত সকলোতকৈ বেছি কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰ পিচতে ব্ৰাজিল,ৰুছ,ভাৰত আৰু বিট্টেইনত কৰ’নাই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷

Exit mobile version