আজি সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত পুৱা ৯-১৫ বজাৰ পৰা প্ৰত্যক্ষ হৈছে বলয়গ্ৰাস সূৰ্যগ্ৰহণ । কিন্ত ইয়াৰ বিপৰীতে অসমত পুৱা ১০-৫৭ বজাৰ পৰা সূৰ্যগ্ৰহণ আৰম্ভ হৈ অন্ত পৰিব ২.২৪ বজাত ৷ উল্লেখযোগ্য যে বছৰৰ প্ৰথমটো মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰ’ব দেশবাসীৰ লগতে অসমবাসী ৷ সূৰ্যগ্ৰহণ কেনেকৈ চাব ? এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নাগৰিকসকলৰ কাৰণে এক নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি,
ADVERTISEMENT
- সূৰ্যক নিৰীক্ষণ কৰিবলৈ ছানগ্লাছ ব্যৱহাৰ কৰিব লাগিব ।
- সূৰ্যগ্ৰহণৰ সময়ছোৱাত ওচৰত থকা বননি বা গছৰ ছাঁত গ্ৰহণৰ বিভিন্ন আকৃতি বিচাৰি পাব ৷
- ইপিনে, খালী চকুৰে সূৰ্যৰ ফালে চাব নালাগে। কাৰণ ইয়াৰ ফলত চকুৰ মাৰাত্মক ক্ষতি হ’ব পাৰে ৷
- লগতে সাধাৰণ ছান গ্লাছ পৰিধান কৰিও সূৰ্যগ্ৰহণ চোৱাৰ পৰা বিৰত থাকিব লাগে ৷
- আনকি পানীৰ মাজতো সূৰ্যগ্ৰহণৰ প্ৰতিবিম্ব নাচাবলৈকো কোৱা হৈছে নিৰ্দেশনাত।