কেৱল ধৰ্মীয় ৰীতি-নীতিয়ে আৰম্ভ মহা অম্বুবাচীঃ নিমাওমাও নীলাচলৰ বুকু

WhatsApp Image 2020 06 22 at 10.31.36 AM

সোমবাৰে পুৱা ৭-৫৩-১৫ বজাৰ পৰা আৰম্ভ হ’ল অম্বুবাচীৰ প্ৰবৃত্তি | দেশৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান এইবাৰ কেৱল ধৰ্মীয় ৰীতি-নীতিৰে পালন অম্বুবাচী পালন কৰিছে কামাখ্যাবাসীয়ে | প্ৰতিবছৰে কেবালাখ ভক্ত, সাধু-সন্ন্যাসীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এইবাৰ কৰ’না মহামাৰীৰ বাবে কামাখ্যাৰ দৰ্শন বন্ধ ৰখা হৈছে | কৰ’না সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেৱালয় কৰ্তৃপক্ষৰ। ২০ মাৰ্চৰ পৰা বন্ধ হৈ থকা দেৱালয় ৩০জুন পৰ্যন্ত বন্ধ থাকিব | আনহাতে ২৫জুনৰ নিশা ৮-১৬-৫৫ বজাত অম্বুবাচীৰ নিবৃত্তি বুলি প্ৰকাশ কৰিছে দেৱালয় কৰ্তৃপক্ষই ।

Exit mobile version