গোৱালপাৰাৰ নৱাগত শিমলীতোলাত জলজলিৰ তীব্ৰ গৰাখহনীয়া

Screenshot 2020 06 22 16 07 54 80

আপোন বিদ্যালয়খন ক্ৰমাৎ নদীৰ বুকুত জাহ যোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি অশ্ৰুসিক্ত হৈ পৰিছে গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত নৱাগত শিমলীতোলাৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় সচেতন ৰাইজ। জলজলি নদীৰ গৰাখহনীয়াই জিলাখনৰ নৱাগত শিমলীতোলা প্ৰাথমিক বিদ্যালয় আৰু শিমলীতোলা ভাটিপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ কিছু অংশ জলজলিৰ বুকুত জাহ যোৱা কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক । মানৱ সম্পদ গঢ়াৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা চৰকাৰী বিদ্যালয় দুখন গৰাখহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰাৰ বাবে বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উদ্বিগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজ ।

জলজলি নদীৰ ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে জিলাখনৰ পূব প্ৰান্তৰ নৱাগত শিমলীতোলা অঞ্চললৈ। জলজলি নদীৰ তীব্ৰ খহনীয়াত ইতিমধ্যে জাহ গৈছে বিস্তীৰ্ণ অঞ্চলৰ কৃষি ভূমি। অৰ্ধশতাধিক পৰিয়ালে হেৰুৱাইছে ঘৰ-দুৱাৰসহ বহু সা-সম্পত্তি । জলজলিৰ তীব্ৰ খহনীয়াই নৱাগত শিমলীতোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় আধা অংশ ইতিমধ্যে খহাই নিছে ।

আনপিনে একেটা চৌহদতে থকা শিমলীতোলা ভাটিপাৰা মধ্য ইংৰাজী বিদ্যালয়খনো খহনীয়াত জাহ যাওঁ যাওঁ অৱস্থা। কিন্তু চৰকাৰী বিদ্যালয় দুখনৰ ৰক্ষাৰ্থে সংশ্লিষ্ট কৰ্তৃপক্ষই লোৱা নাই কোনো ব্যৱস্থা। সেয়েহে আপোন বিদ্যালয়খন চকুৰ সন্মুখতে নদীৰ বুকুত জাহ যোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে অশ্ৰুসিক্ত নয়নেৰে সংশ্লিষ্ট কৰ্তৃপক্ষক কাতৰ আহ্বান জনাইছে বিদ্যালয় দুখনৰ একাংশ ছাত্ৰ ছাত্ৰীৰ লগতে গাঁওবাসীয়ে । কিয়নো বৃহত্তৰ অঞ্চলটোত শিক্ষা গ্ৰহণৰ বাবে নাই অন্য কোনো বিকল্প বিদ্যালয়।

তেনেস্থলত বিদ্যালয় দুখন খহনীয়াত জাহ গলে কি হ’ব ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত ? ক’ত শিক্ষা গ্ৰহণ কৰিব শিশু ছাত্ৰ-ছাত্ৰী সকলে? স্কুল দুখন চাবলৈ বৰ্তমানলৈ অহা নাই শিক্ষা বিভাগৰ কোনো বৰমূৰীয়া তথা স্থানীয় বিধায়ক । জলজলি নদীৰ খহনীয়াই বৃহত্তৰ অঞ্চলতোৰ বহু সংখ্যক লোকক সৰ্বহাৰা কৰাৰ পিছতো আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে জিলা প্ৰশাসন অথবা জলসম্পদ বিভাগে। ন্যূনতম খবৰো লোৱা নাই পূব-গোৱালপাৰা বিধান সভা সমষ্টি বিধায়ক এ কে ৰছিদ আলমে।

নিৰ্বাচনৰ সময়ত ৰাইজৰ পৰা ভোট আদায় কৰি নিৰ্বাচন পাৰ হোৱাৰ পিছত দিচপুৰত ৰাজভোগ খোৱা এই সকল জনপ্ৰতিনিধিয়ে দুৰ্যোগৰ সময়ত ৰাইজৰ কাষ চাপিবলৈ আহৰি নাই বুলিও আক্ষেপ কৰে বৃহত্তৰ অঞ্চলতোৰ দুৰ্ভগীয়া ৰাইজে। কালৰূপী জলজলি নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসন, জলসম্পদ বিভাগক দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

Exit mobile version