বিধ্বস্ত শৈক্ষিক পৰিৱেশ : অমানিশা নামি আহিল আশ্ৰয় শিবিৰত কটোৱা অসংখ্য শিক্ষাৰ্থীৰ

WhatsApp Image 2020 06 22 at 8.49.55 PM

ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বন্ধ ৰাজ্যৰ শৈক্ষিক প্ৰতিষ্ঠান । ঠিক তেনে সময়তে আন এক দুৰ্যোগ সংঘটিত হ’ল বাঘজানত । যোৱা ২৭ মে’ত বাঘজানস্থিত ৫নং কূপত সংঘটিত অগ্নিকাণ্ডৰ ফলত বৃহত্তৰ অঞ্চলটোৰ লোকসকল আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে । যাৰ ফলত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগা শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক সকল চিন্তিত হৈ পৰিছে । অইল ইণ্ডিয়াই ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে যদিও বৰ্তমানলৈ পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাৰ ফলত শিবিৰত থকা লোকসকলে অইলে শৈক্ষিক পৰিৱেশ কিদৰে ওভতাই আনিব বুলি প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

ক্ষতিপূৰণে অভাৱ দূৰ কৰিব কিন্ত শিক্ষাৰ্থীসকলৰ শৈক্ষিক পৰিৱেশ শীঘ্ৰে পূৰণ নকৰিলে অভাৱনীয় ক্ষতি হোৱাৰ আশংকা ব্যক্ত কৰে লোকসকলে । বাঘজানৰ তৈলখাদৰ পৰা সৃষ্টি হৈ অহা বিকট শব্দই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰা শব্দ প্ৰদূষণে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আহিছে । বিকট শব্দ, ভূ-কম্পনৰ ফলত আগন্তুক বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা বহু শিক্ষাৰ্থীয়ে এতিয়া আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰিবলগীয়া হৈছে । প্ৰায় তিনিমাহ ধৰি কৰ’নাৰ পৰিপ্ৰেক্ষিতত এই শিক্ষাৰ্থীসকলৰ বিদ্যালয়ৰ পাঠদান বন্ধ হৈ থকাৰ ফলত অনলাইন মাধ্যমেৰে পাঠ্যক্ৰমৰ সেৱা গ্ৰহণ কৰি প্ৰস্তুতি চলাই গৈছিল যদিও শেহতীয়াকৈ বাঘজানৰ সংঘটিত ঘটনাই সকলো নিঃশেষ কৰি পেলালে ।

কাৰণ একোটা আশ্ৰয় শিবিৰত বহু লোক একেলগে থকাৰ ফলত নাই শৈক্ষিক পৰিৱেশ, ঘৰটো শব্দ, ভূ-কম্পনৰ বাবে নাই পৰিৱেশ ।  ইফালে, বাঘজানত সংঘটিত অগ্নিকাণ্ডৰ ফলত কে’বাজনো শিক্ষাৰ্থীৰ আপোন ঘৰখনৰ লগতে অগ্নিকুণ্ডত পৰি ছাৰখাৰ হৈ গ’ল প্ৰস্তুতিৰ সকলো বহী-কিতাপ।পুনৰ সেই শিক্ষাৰ্থী সকলে নতুনকৈ প্ৰস্তুতি আৰম্ভ কৰিলেও নাই শৈক্ষিক পৰিৱেশ । আশ্ৰয় শিবিৰত কণ কণ ল’ৰা -ছোৱালীবোৰক একেলগে বহাই অভিভাৱক সকলে পঢ়াৰ পৰিৱেশ সৃষ্টি কৰিছে যদিও চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰী সকলৰ পঢ়াৰ ক্ষেত্ৰত নাই পৰিৱেশ ।

আশ্ৰয় শিবিৰত থকা অধিকাংশই অইলে এই বিষয়ত কোনোধৰণৰ চিন্তা নাই বুলি উল্লেখ কৰি কয় যে তেওঁলোকে কেৱল তেল খনন কৰি দেশৰ অৰ্থনীতি টনকিয়াল কৰিব জানে।আজি যে বহু শিক্ষাৰ্থীৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি তুলিলে তাৰ বাবে তেওঁলোক দায়বদ্ধ নহয় । শিক্ষাৰ্থী সকলে সন্মুখীন হোৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সকলো নীৰৱ কিয় বুলি অভিভাৱক সকলে প্ৰশ্নৰ অৱতাৰণা কৰে । উল্লেখ্য যে, আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা শিক্ষাৰ্থী সকলৰ ক্ষেত্ৰত যদি সংশ্লিষ্ট পক্ষই শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যত নষ্ট হোৱাতো প্ৰায় নিশ্চিত বুলি অভিভাৱকসকলে সদৰী কৰি শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিবলৈ আহ্বান জনায় ।

Exit mobile version