সাৱধান ঃ এইবাৰ ভাৰতত চাইবাৰ আক্ৰমণৰ ষড়যন্ত্ৰ চীনৰ

gettyimages 504662110

Faceless Computer Hacker

লাডাখত প্ৰকৃত নিয়ন্ত্ৰণৰেখা অতিক্ৰম কৰি ভাৰতীয় সেনাক হত্যা কৰাৰ পাছত এইবাৰ নতুন ষড়যন্ত্ৰ ৰচনা কৰিছে চীনৰ পিপ’লছ্ লিবাৰেছন আৰ্মীয়ে।এইবাৰ চাইবাৰ আক্ৰমণৰ বাবে সাজু হৈছে চীনা বাহিনী । ইয়াৰ ফলত কম্পিউটাৰত এটা টিপতে উৰি যাব পাৰে ভাৰতৰ অসংখ্য গোপন তথা সদৰী কৰি ভাৰতক সতৰ্ক কৰি দিছে চিংগাপুৰৰ চাইবাৰ নিৰাপত্তা বিষয়ক সংস্থা চাইফাৰ্মাই । আনকি এই হতৰ্কবার্তাক যে সহজভাৱে গ্ৰহণ কৰা উচিত নহয়, সেই কথা স্পষ্ট কৰিছে কেন্দ্ৰয়ো । চাইফাৰ্মাৰ উদ্ধৃতি আজি প্রকাশিত এক বাতৰিত কোৱা হৈছে যে চীনৰ সেনা বাহিনীৰ প্ৰত্যক্ষ সাহায্য প্ৰাপ্ত কমেও দুটা হেকাৰ সংস্থাই ভাৰতৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংবাদ মাধ্যমৰ ৱেবচাইটত আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাৰতৰ তৰফৰ পৰা দ্ৰুত সতৰ্কত অৱলম্বন কৰা প্ৰয়োজন বুলিও উল্লেখ কৰা হৈছে ।

চাইফাৰ্মাৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া কুমাৰ ৰীতেশে এই তথ্য সদৰী কৰিছে । তেওঁ কয় যে চীনৰ পিপলছ্ লিবাৰেছন আৰ্মীৰ সমৰ্থনপুষ্ট ‘গথিক পাণ্ডা’ আৰু ‘ষ্টোন পাণ্ড’ সংস্থাৰ হেকাৰসকল ভাৰতত চাইবাৰ আক্ৰমণৰ বাবে সক্ৰিয় হৈ উঠিছে। ৰীতিশে কয়, ‘চীন সেনাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত থকা এই সংস্থা দুটাৰ হেকাৰসকলে আগতেও বিভিন্ন দেশত চাইবাৰ আক্ৰমণ চলাইছিল ।’ এই সম্ভাব্য আক্ৰমণৰ সন্দৰ্ভত একাংশ চাইবাৰ বিশেষজ্ঞই আশংকা কৰিছে যে বৰ্তমানৰ পৰিস্থিতিত ক’ভিড-১৯ সংক্রান্তীয় কোনো ই-মেইল বাৰ্তাৰ ‘ছদ্মবেশ’ত আহিব পাৰে চীনা হেকাৰৰ ‘চাইবাৰ ফান্দ’। ডাৰ্ক ৱেব পদ্ধতিত হ’ব পাৰে এই আক্ৰমণ । ফলত হেকাৰসকলৰ আইপি এড্ৰেচ সহজে চিহ্নিত কৰিব পৰা নাযাব।

তথ্য প্ৰযুক্তিৰ বিশেষজ্ঞসকলৰ একাংশই জনাইছে যে ‘টৰ’ নামৰ এটা বিশেষ ব্ৰাউজাৰ এই ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় । চীনা এপ তথা চীনৰ সামাজিক মাধ্যমৰ প্লেটফৰ্ম সমূহৰ সম্পৰ্কেও ‘বিশেষ সতৰ্কতা’ৰ প্ৰয়োজন বুলিও তেওঁলোকে মত পোষণ কৰে । বিগত শতিকাৰ ৯০ দশকৰ পৰাই ‘চাইবাৰ স্পেচ ডক্ট্ৰিন’ৰ কাম আৰম্ভ কৰিছিল বেইজিঙে । চীনা সেনাৰ আধুনিকীকৰণৰ অন্যতম অংশ আছিল এই পদক্ষেপ।আন্তৰ্জাতিক চাইবাৰৰ নিৰাপত্তা বিষয়ক সংস্থা ঘ’ষ্টনেটৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে নিজৰ চাইবাৰ নিৰাপত্তা প্ৰৱল কৰাৰ সমান্তৰাল কৈ চীনা সেনাই আন দেশতো চাইবাৰ আক্ৰমন চলোৱাৰ উদ্দেশ্যে দক্ষ হেকাৰৰ এটা দল সেই সময়ৰ পৰাই গঠনৰ কাম আৰম্ভ কৰে । এই হেকাৰসকল লেজাৰাছ গ্রুপৰ হতে যুক্ত।

তেওঁলোকে ভাৰতৰ উপৰি চিংগাপুৰ, দক্ষিণ কোৰিয়া, জাপান আৰু ব্ৰিটাইনৰ ৫০লক্ষধিক লোকৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে বহু লোকৰ ই-মেইল, আইদিও তেওঁলোকে সংগ্ৰহ কৰিছে। চাইফাৰ্মাৰ অধ্যক্ষ ৰীতেশে কয়, “আমি এই সেকাৰসকলৰ সন্দৰ্ভত চিংগাপুৰৰ, জাপান, দক্ষিণ কোৰিয়া, ভাৰত, আমেৰিকা আৰু ব্ৰিটাইনৰ ৰাষ্ট্ৰীয় চাইবাৰ নিৰাপত্তা সংস্থালৈ সতৰ্ক বাৰ্তা প্ৰেৰণ কৰিছো । বিগত ছমাহ ধৰি আমি ক’ৰনা ভাইৰাছৰ সংক্ৰান্তীয় ভুৱা ই-মেইল, চাইবাৰ আক্ৰমণ, হেকিং আদিত চকু ৰাখিছো । তাৰ ভিত্তিতেই সতৰ্ক কৰিছো ।’ ইপিনে, এই সতৰ্কবাৰ্তা লাভ কৰাৰ লগে লগেই কেন্দ্ৰই দেশবাসীক সতৰ্ক কৰি দিছে।

Exit mobile version