ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে সুশান্তৰ আত্মহত্যাৰ তদন্ত

after sushant singh rajputs creative manager records statement late actors close friend summoned main

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইয়াৰ মাজতে আৰক্ষীয়ে সুশান্তৰ বান্ধৱী ৰোহিণী আয়াৰক প্ৰায় ৯ ঘন্টা সোধ পোচ কৰে। ইতিমধ্যে সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীক ১২ ঘন্টা আৰক্ষীয়ে জেৰা কৰাৰ উপৰিও প্ৰায় ১৫ জন লোকক সুশান্তে আত্মহত্যা কৰাৰ সন্দৰ্ভত জেৰা কৰিছে ৷ আৰক্ষীয়ে জেৰা কৰা সকলৰ ভিতৰত আছে সুশান্তৰ ঘৰত কাম কৰ্মচাৰী, মেনেজাৰ আদি ৷ ইফালে এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি সুশান্তে ডিপ্ৰেছনৰ কাৰণে চিকিৎসা কৰা চিকিৎসকজনকো তদন্তৰ আওতাত আনিব পাৰে আৰক্ষীয়ে ৷ ইয়াৰ পূৰ্বে সুশান্তৰ মনোৰোগ চিকিৎসকে কৈছিল যে সুশান্তে প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেক কেতিয়াও পাহৰিব পৰা নাছিল ।

গতিকে মনোৰোগ চিকিৎসকৰ পৰা অধিক তথ্য পোৱাৰ আশা কৰিছে আৰক্ষীয়ে ৷ ইফালে বলীউডৰ অন্যতম অভিনেতা তথা বিতৰ্ক মন্তব্যৰে চৰ্চিত হৈ থকা এজাজ খানে ইনষ্টাগ্ৰামত এক ভিডিঅ’ৰ জৰিয়তে সুশান্তৰ আত্মহত্যাৰ তদন্ত চি বি আইৰ দ্বাৰা কৰাবলৈ আহ্বান কৰে ৷ যাতে সুশান্তৰ আত্মহত্যাৰ সকলো তথ্য পোহৰলৈ আহে ৷ অৱশ্যে ইয়াৰ পূৰ্বে এজাজ খানে এটা ভিডিঅ’ৰ জৰিয়তে বলীউডৰ “স্বজনপ্ৰীতি”ৰ বিষয়টো বিজেপিৰ আই টি চেলে হিন্দু মুছলমান লগত জৰিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ গতিকে সুশান্তৰ আত্মহত্যাৰ তদন্তই বলীউডৰ লগতে অন্যান্য ক্ষেত্ৰৰ কিমানজনক সাঙুৰিব সেয়া সময়েহে ক’ব।

Exit mobile version