কৰ’নাৰ মহামাৰীয়ে নগাঁৱবাসীলৈ লৈ আহিছে এটি বিশেষ সুখবৰ

doctor clipboard 770

মহামাৰী কৰ’নাই সমগ্ৰ ৰাজ্যখনতে বিভীষিকা সৃষ্টি কৰি থকাৰ সময়ত স্বাস্থ্য বিভাগে নগাওঁ বাসীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে । এই সুখবৰটো হ’ল জিলাখনত চলিত বছৰত বৰ্তমানলৈকে এজন লোক মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছত আক্রান্ত হোৱা নাই । মেলেৰিয়া প্ৰৱণ জিলা হিচাপে চিহ্নিত নগাওঁ জিলাত এইবছৰ এজনো লোক মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুত আক্রান্ত হোৱা নাই । জিলাখনৰ কঠীয়াতলী, লংকা, চিমনা বস্তি, জখলাবন্ধা, দ গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদি কেইবাখনো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এলেকাধীন গাঁৱসমূহত বিগত বৰ্ষসমূহত বহু লোক মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছত আক্রান্ত হোৱাৰ লগতে একাংশ লোকৰ মৃত্যু হৈছিল ।

ADVERTISEMENT

এইবাৰ এই এলেকাসমূহ কোনো লোক মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডেংগু আদি ৰোগত আক্রান্ত হোৱা নাই। জিলাৰ মেলেৰিয়া বিভাগে জনোৱা মতে সমগ্ৰ জিলাখনতে এই সন্দৰ্ভত জৰীপ অব্যাহত ৰখাৰ লগতে তেজৰ নমুনা সংগ্ৰহ কৰি আছে । চলিত বৰ্ষৰ মে’ মাহৰ ৩১ তাৰিখলৈকে মেলেৰিয়া বিভাগে ৬০,১৬৯ গৰাকী লোকৰ তেজৰ নমুনা(শ্লাইড) সংগ্ৰহ কৰিছে । বিভাগীয় সূত্ৰই জনোৱা মতে নগাওঁ জিলাত মেলেৰিয়া মুক্ত জিলা হিচাপে গঢ়ি তুলিবলৈ জিলা বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাইজৰ মাজত মেলেৰিয়া সন্দৰ্ভত সজাগতা সৃষ্টি কৰা, ফ’গিং কৰা আদি ব্যৱস্থা গ্ৰহণ কৰি আছে । যাৰ বাবে ২০১৯ ৰ পৰা জিলাখনত মেলেৰিয়া ৰোগ ক্ৰমশঃ হ্ৰাস পাব ধৰিছে।

Exit mobile version