যোগ গুৰু ৰামদেৱে মুকলি কৰিলে কৰ’নাৰ ঔষধ

6a48215b83d5b4e6af5e04839125d09d4cf112a129cb5e15e2014fdcb6737fb5 1

এইবাৰ যোগ গুৰু বাবা ৰামদেৱে মুকলি কৰি উলিয়াইছে ক’ভিড-১৯ৰ ঔষধ । সকলোৰে মাজত আশাৰ বতৰা কঢ়িয়াই অনা ক’ভিড-১৯ ৰ এই ঔষধৰ নাম হৈছে কৰ’নিল ৷ উত্তৰাখণ্ডৰ হৰিদ্বাৰস্থিত পতঞ্জলিৰ যোগ পীঠত আয়োজিত এক অনুষ্ঠানত অশ্বগন্ধা, গিলয় আৰু তুলসীৰে তৈয়াৰী “কৰ’নিল” সেৱনে কৰ’না ভাইৰাছৰ পৰা ৰোগীক এশ শতাংশ মুক্তি দিব বুলি দাবী কৰিছে বাবা ৰামদেৱে । হৰিদ্বাৰস্থিত পতঞ্জলি ৰিচাৰ্ছ ইনষ্টিটিউট আৰু নেশ্যনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ যুটীয়া প্ৰচেষ্টাত এই আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰিছে ৷

ইফালে ৰামদেৱে দাবী কৰে যে “কৰ’নিল”ঔষধ ২৮০ জন ৰোগীৰ শৰীৰত প্ৰয়োগ কৰা হৈছিল । ইয়াৰ পিছত ৩ দিনত প্ৰায় ৬৯ গৰাকী ৰোগী পজিটিভৰ পৰা নিগেটিভ হয় । আৰু সাত দিনৰ ভিতৰত ১০০ শতাংশ সুস্থ হয় । অনাগত সাতদিনৰ ভিতৰত পতঞ্জলিৰ দোকানত উপলব্ধ হ’ব কৰ’নিল ৷ লগতে দেশবাসীয়ে “অৰ্ডাৰ মী”এপৰ জৰিয়তেও ঘৰত বহিয়েই ৰামদেৱৰ এন কৰ’নাৰ ঔষধ লাভ কৰিব পাৰিব ৷

Exit mobile version