কানাডাৰ জনপ্ৰিয় সংগীত শিল্পী জাষ্টিন বীবৰৰ নাম সাঙোৰ খাইছে এগৰাকী মহিলাৰ লগত । মহিলা গৰাকীৰ নাম ডেনিয়েল । এই মহিলা গৰাকীৰ অভিযোগ ২০১৪ চনত জাষ্টিন বীবৰে টেক্সাছৰ এখন হোটেলত তেওঁক যৌন আতিশয্য চলাইছিল। এই অভিযোগ সন্দৰ্ভত প্ৰথম বাৰৰ বাবে টুইটাৰত স্পষ্টীকৰণ দিলে পপ তাৰকা জনে । জাষ্টিনে টুইটাৰত কয়, ‘সাধাৰণতে মই এনে ধৰণৰ অভিযোগৰ স্পষ্টীকৰণ নিদিওঁ । মই মোৰ কেৰিয়াৰত এনে বহু অভিযোগৰ সন্মুখীন হৈ আহিছো । কিন্ত পত্নী আৰু মোৰ সতীর্থৰ স’তে আলোচনাৰ পাছত উত্থাপিত অভিযোগৰ সন্দৰ্ভত মোৰ মন্তব্য প্ৰকাশৰ সিদ্ধান্ত ল’লো । অপপ্ৰচাৰ সদায় অপপ্ৰচাৰ হয় । কিন্তু যৌন আতিশয্য চলোৱাৰ দৰে অভিযোগ লঘুভাৱে ল’ব নোৱাৰি । সেয়েহে মই এই অভিযোগ গভীৰভাৱে গ্ৰহণ কৰি প্ৰয়োজনীয় প্ৰমাণ দিলো আৰু এনে অভিযোগৰ বিৰুদ্ধে মই আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈকো সিদ্ধান্ত লৈছো ।’
যৌন আতিশয্য চলোৱাৰ অভিযোগ অস্বীকাৰ সংগীত শিল্পী জাষ্টিন বীবৰৰ
-
By publisher

ADVERTISEMENT
- Categories: Entertainment, News
- Tags: Justin Bieber
Related Content
TMC Pressmeet: এন আৰ চি আৰু অনুপ্ৰৱেশকাৰী এতিয়া মাত্র বিজেপিৰ ৰাজনৈতিক ভাষণ আৰু লাভালাভৰ আহিলা :দুলু আহমেদ
By
publisher
June 17, 2025
অমৰনাথ যাত্রা পথত'ন' ফ্লাইং জ'ন'! যাত্ৰীসকলৰ বাবে নিৰাপত্তা বৃদ্ধি প্ৰশাসনৰ
By
publisher
June 17, 2025
Gst Raid In Cachar:২৫ কোটি টকাৰ জিএছটি ফাঁকি দিয়া প্ৰতিষ্ঠানৰ প্ৰৱন্ধক আটক
By
publisher
June 17, 2025
Devastating fire in Bamonimaidam:মহানগৰীৰ বামুণীমৈদামত বিধ্বংসী অগ্নিকাণ্ড
By
publisher
June 17, 2025
দেশত ক'ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?
By
publisher
June 17, 2025
দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !
By
publisher
June 17, 2025