চকলাঘাটত বিধায়িকা আঙুৰলতা ডেকাৰ উদ্যোগত কনটেইনমেন্ট জ’নত খাদ্য সামগ্ৰী বিতৰণ

111111111111111

ৰাজ্যত ক’ভিড -১৯ ৰ আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ সমান্তৰালকৈ কনটেইনমেন্ট জ’নৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। কিয়নো এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে চিনাক্ত হৈছে কোনো ভ্ৰমণ বৃতান্ত নথকা লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ৷নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ চকলাঘাটতো চাৰিদিন পূৰ্বে কোনো ভ্ৰমণ বৃতান্ত নথকা এজন যুৱকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতে যুৱকজনৰ গাঁও চাউলখোৱা অঞ্চল কনটেইনমেণ্ট জ’ন কৰা হৈছিল।

যাৰ ফলত গাঁৱখনৰ প্ৰায় তিনিকুৰিৰো অধিক পৰিয়ালৰে একাংশই এতিয়া কিছু খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে। সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ উদ্যোগত নিজ হাতীচোং গাঁও পঞ্চায়তৰ সহযোগত কনটেইনমেন্ট অঞ্চলটোত বসবাস কৰা প্ৰতিঘৰ লোককে আজি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হয়।

বিধায়িকাগৰাকীৰ হৈ গাঁৱবাসীৰ মাজত নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভাপতি অভিজিৎ মেধি , জ্যেষ্ঠ বিজেপি নেতা যগেশ্বৰ বৰা,ধৰ্মেশ্নৰ হাজৰিকা,পবিত্ৰ ৰাজা আদিৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি আৰু স্থানীয় বিজেপিৰ কৰ্মীসকলে সামাজিক দূৰত্ব বৰ্তাই ৰাখি খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ তেওঁলোকৰ এই পদক্ষেপক ৰাইজে শলাগ লৈছে ।

Exit mobile version