বিয়াৰ ১৫ দিন,অলপ মাংসঃইয়াৰ পিছতে আত্মহত্যা : পঢ়ক সবিশেষ

husband wife fight

উত্তৰপ্ৰদেশৰ লখীমপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷এহাল নৱ দম্পতীৰ মাজত মাংস ৰন্ধাক লৈ হোৱা কাজিয়াৰ কাৰণে বিষ খাই আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ঘটনা অনুসৰি ঈশান নগৰৰ বাসিন্দা ২২ বছৰীয়া গুৰু দয়াল আৰু ১৯ বছৰীয়া ৰেশমা বিবাহ পাশত আৱদ্ধ হৈছিল ১২ জুনত।

ইয়াৰ পিছতেই নিৰামিষভোজী স্বামী গুৰুৰ কাৰণে মাংস ৰান্ধিবলৈ অস্বীকাৰ কৰে ৰেচমাই ।এই বিষয়টোকে কেন্দ্ৰ কৰি হোৱা কাজিয়াৰ পিছত নিশা দুয়োজনেই বিষ পান কৰে ।এই ঘটনা সন্দৰ্ভত ঈশানগৰ আৰক্ষী থানাৰ অধীক্ষক সুনীল সিঙে কয় ” দম্পতীহালে মাংস ৰন্ধাক লৈ হোৱা কাজিয়াৰ পিছতে আত্মহত্যাৰ চেষ্টা কৰে ।

চিকিৎসকে চিকিৎসা কৰি থকাৰ মাজতে ৰেশমাৰ মৃত্যু হয় ৷ গুৰুৰ অৱস্থা সম্প্ৰতি সংকটজনক। গতিকে এতিয়ালৈকে আমি গুৰুৰ পৰা কোনো মন্তব্য ল’ব পৰা নাই”৷ আনহাতে সেই অঞ্চলৰে আন এগৰাকী ২৬ বছৰীয়া ব্যক্তিয়েও পত্নীৰ লগত কাজিয়া কৰি বিষ খাই আত্মহত্যা কৰে। সম্প্ৰতি দুটাকৈ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।

Exit mobile version