দিল্লীৰ পাক উচ্চায়ুক্তৰ ৫০ শতাংশ কৰ্মীক উভতাই পঠিয়াব কেন্দ্ৰই

db312ab7 7989 4154 8876 28094704a492

নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ ৫০ শতাংশ বিষয়া কৰ্মী হ্ৰাস কৰিব ভাৰতে ৷ ইছলামাবাদলৈ এই সন্দৰ্ভত ইতিমধ্যে বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতে ৷আজি দেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ এক বিবৃতিত এই কথা উল্লেখ কৰা হৈছে ৷একেদৰে ভাৰতেও সমসংখ্যক বিষয়া কৰ্মচাৰী ইচলামাবাদত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ পৰা ওভতাই আনিব ৷

দুই দেশৰ মাজত চলি থকা কূটনৈতিক বিবাদৰ মাজতে ভাৰতে এনে সিদ্ধান্ত লয় ৷এই সিদ্ধান্ত সাতদিনৰ বাবে বাহাল থাকিব বুলি বৈদেশিক মন্ত্ৰণালয়ে বিবৃতিত কয় ।পাক দূতাবাসৰ কৰ্মীসকলৰ একাংশৰ বিৰুদ্ধে গুপ্তচৰবৃত্তিৰ অভিযোগৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে এনে সিদ্ধান্ত লয়। নতুন দিল্লীৰ পৰা পাক উচ্চায়ুক্ত মইন উল হকক ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে সিদ্ধান্তৰ বিষয়ে জনাইছে ৷মন্ত্ৰণালয়ে কয় যে আজি পাকিস্তানৰ দূতাবাসৰ ভাৰতপ্ৰাপ্ত তলব কৰি অনা হয় আৰু কোৱা হয় যে পাকিস্তানী বিষয়াৰ গুপ্তচৰবৃত্তিত ভাৰতে বাৰম্বাৰ উদ্বেগ ব্যক্ত কৰিছে ৷একে সময়তে সন্ত্ৰাসবাদী সংগঠনৰ স’তে যোগাযোগৰ বিষয়টোক লৈও ভাৰত উদ্বিগ্ন ৷

পাকিস্তানৰ আচৰণ ভিয়েনা কনভেনচনৰ বিৰোধী আৰু একেদৰে কূটনৈতিক আৰু কনচুলাৰ বিষয়ববীয়াৰ আচৰণ সম্পৰ্কীয় দ্বিপাক্ষিক চুক্তিৰ বিৰোধী ৷ইয়াৰ বিপৰীতে ই সীমান্তৰ সিপাৰৰ হিংসা আৰু সন্ত্ৰাসবাদক সমৰ্থন যোগোৱা বৃহত্তৰ নীতি অপৰিহাৰ্য উপাদান ৷এই কয় ভাৰত চৰকাৰে। লগতে কয়” যোৱা ২৩ মাৰ্চত বন্দুক দেখুৱাই দুই ভাৰতীয় বিষয়ববীয়াৰ অপহৰণ আৰু তেওঁলোকৰ স’তে কৰা বদ আচৰণে দেখুৱাই দিছে যে এই দিশত পাকিস্তান কিমান দূৰলৈ যাব পাৰে। বৈদেশিক মন্ত্ৰণালয়ে বিবৃতিত লগতে এইদৰে কোৱা হৈছে,গুপ্তচৰবৃতি আৰু বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ স’তে সিহঁতৰ যোগাযোগ আছে ৷যোৱা ২৩ মে’ত দুজন কৰ্মী হাতে লোটে ধৰা পৰা আৰু ৩১ মে’ত বহিস্কৃত হোৱাটোৱে এই ক্ষেত্ৰত উদাহৰণ দাঙি ধৰে ৷

Exit mobile version