এইবাৰ নেপালৰ ভূমি দখল চীনৰ

9de5cc7facceabe75fa4f9f2fbbdb30e

চীনৰ বিৰুদ্ধে এইবাৰ ভূমি বেদখলৰ অভিযোগ উত্থাপন কৰিলে নেপালৰ কমিউনিষ্ট চৰকাৰে ৷ দেশখনৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মাৱলী চৰকাৰৰ কৃষি মন্ত্ৰণালয়ৰ সাম্প্ৰতিক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে তিব্বতৰ দিশৰ পৰা পথ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছে চীনে ৷ সেই প্ৰক্ৰিয়াত অন্ততঃ ১১ স্থানত উলংঘন কৰি নেপালৰ ভূমি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ ভিতৰত ১০ স্থানত ৩৩ হেক্টৰ ভূমি ইতিমধ্যে নেপালে হেৰুৱাইছে লগতে নেপালৰ ভূখণ্ডৰ পাহাৰীয়া নদীসমূহৰ গতিপথ সলনি কৰি তিব্বতৰ পানীৰ যোগানৰ ব্যৱস্থা কৰিছে চীনে । প্ৰকাশিত প্ৰতিবেদন অনুসৰি নেপালৰ হুমলা জিলাত ১০ হেক্টৰ, ৰাছুওৱা জিলাত ছয় হেক্টৰ ভূমি ইতিমধ্যে দখল কৰি পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে ৷ বাগদাৰত খোলা আৰু কাৰ্নালি নদীৰ গতিপথ সলনি কৰা হৈছে ৷

সেই নদীৰ গতিপথ সলনি কৰি পানীৰ সোঁত ঘূৰাই দিয়া হৈছে চীন অধিকৃত তিব্বতৰ দিশলৈ ৷ ফলত অদূৰ ভৱিষ্যতে নেপালৰ বাবে কৃষিভূমিত জলসংকটে দেখা দিয়াৰ আশংকা কৰা হৈছে ৷ একেদৰে তিব্বতৰ পৰা নেপালৰ দিশলৈ প্ৰবাহিত ছুমজং, কামখোলা আৰু অৰুণ নদীৰ গতিপথ সলনি কৰাত নেপালৰ ছঙ্খৱসভা জিলাত পানীৰ অভাৱে দেখা দিয়াৰ আশংকাৰ সৃষ্টি হৈছে । এইদৰে নদীৰ গতিপথ সলনি কৰি ভূমি দখলৰ প্ৰক্ৰিয়া অব্যাহত থাকিলে অচিৰেই আমাৰ কে’বাশ হেক্টৰ ভূমি দখললৈ যাব” ৷ কৃষি মন্ত্ৰণালয়ৰ প্ৰতিবেদনত প্ৰকাশ । ইয়াৰ পূৰ্বে নেপালৰ সিন্ধুপালচক জিলাৰ সীমান্তৱৰ্তী ১১ হেক্টৰ ভূমি “তিৰ্ব্বতৰ অংশ” বুলি চীনে দাবী কৰিছে । এই অংশতে খাৰানে খোলা আৰু ভোটে কোশি নদীৰ গতিপথ বিচ্ছিন্ন হৈছে । নেপালে আশংকা প্ৰকাশ কৰে যে হিমালয়ৰ বৰফগলা পানীৰে পুষ্ট দুই নদীৰ গতিপথ ভৱিষ্যতে সলনিৰ চেষ্টা কৰিব চীনে ৷ প্ৰতিবেদনত কোৱা হৈছে এই অঞ্চলৰ নিয়ন্ত্ৰণ দখলৰ বাবে ভৱিষ্যতে চীনে সশস্ত্ৰ আৰক্ষী চকী স্থাপনৰ সম্ভাৱনা আছে ।

Exit mobile version