কোনোৱে যদি বিমান বা ৰেলৰ টিকট আগতীয়াকৈ বুক কৰি থৈছে তেওঁলোকে লকডাউনৰ সময়ছোৱাত বহিঃৰাজ্যলৈ যাব পাৰিব । লগতে জৰুৰীকালীনভাৱে চিকিৎসাৰ আৱশ্যক হ’লে তেওঁলোকে উপযুক্ত তথ্য দিহে মহানগৰীত প্ৰবেশ কৰিব পাৰিব । এক সংবাদমেল যোগে এই কথা জনাই আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷ তলাবন্ধৰ সময়ত মহানগৰীত লোৱা কঠোৰ ব্যৱস্থা সমূহৰ বিষয়ে উল্লেখ কৰি মুন্না প্ৰসাদ গুপ্তাই কয়
- গুৱাহাটীৰ ভিতৰত প্ৰশাসনে নিৰ্ধাৰণ কৰা ডিপ’তহে পে’ট্ৰল পাব।
- ইয়াৰ কাৰণে প্ৰশাসনে দিব তালিকা ৷
- তলাবন্ধৰ সময়ত চিলিণ্ডাৰৰ হোম ডেলিভাৰী হ’ব ৷
- কোনোবাই যদি তলাবন্ধৰ নিয়ম ভংগ কৰে তেন্তে বিভিন্ন ধাৰাত গোচৰ ৰজু হ’ব ৷ লগতে তলাবন্ধৰ নিয়ম ভংগকাৰী গ্ৰেপ্তাৰো হ’ব পাৰে ৷
- কোনো ধৰণৰ ব্যক্তিয়ে যাতায়ত কৰিব নোৱাৰিব ।
- বিমান যাত্ৰী আৰু ৰেল যাত্ৰীয়ে টিকট প্ৰদৰ্শন কৰিহে প্ৰবেশ কৰিব পাৰিব গুৱাহাটীত ৷
- ১০ শতাংশ কৰ্মচাৰীয়ে চলিব মহানগৰীৰ বেংক ৷
- ইফালে বেংক কৰ্তৃপক্ষইহে সিদ্ধান্ত ল’ব কোনকেইটা শাখা খোলা থাকিব ৷
- নিম্ন বৰ্গৰ বিষয়াসকলে প্ৰয়োজনীয় তথ্য প্ৰদৰ্শন কৰিহে প্ৰবেশ কৰিব পাৰিব কাৰ্যালয়ত ৷