ইচ্ছাশক্তিৰ ওচৰত হাৰ মানিলে প্ৰতিবন্ধকতাই

sindhuri

এখন হাত নোহোৱাকৈ জন্ম হৈছিল ৷ সেয়েহে চিন্দুৰীৰ সমনীয়া শিশুসকলতকৈ সেয়েহে পৃথক আছিল কণমানিজনীৰ ৷ বাকীসকলে যিটো কাম অনায়াসে কৰিব পাৰে সেইটো কাম কৰিবলৈ চিন্দুৰীক অধিক সময়ৰ প্ৰয়োজন হৈছিল ৷ কিন্তু জীৱনৰ ১০ টা বসন্ত পাৰ কৰিবলৈ লোৱা চিন্দুৰীয়ে কেতিয়াও কোনো কথাতে হাৰ মানিবলৈ শিকা নাই । বৰঞ্চ সকলোকে বুজাই দিছে ইচ্ছাশক্তিৰ ওচৰত প্ৰতিবন্ধকতা কোনো বাধা হ’ব নোৱাৰে ৷ সেয়েহে জীৱনৰ মাত্ৰ কিছু পথ অতিক্ৰম কৰাৰ সময়তে সমাজৰ সন্মুখত দৃষ্টান্ত হৈ উঠিছে চিন্দুৰী ৷ মাত্ৰ এখন হাতেৰেই চিন্দুৰী সম্প্ৰতি ব্যস্ত হৈ পৰিছে শিক্ষাৰ্থীসকললৈ বুলি মাস্ক প্ৰস্তুত কৰাত ৷ কৰ্ণাটকৰ উদুপি জিলাৰ বাসিন্দা চিন্দুৰীয়ে ৷ অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ কৰ্তৃপক্ষই শেহতীয়াকৈ গ্ৰহণ কৰিছে এক প্ৰত্যাহ্বান ৷ বিদ্যালয়খনে প্ৰস্তুত কৰিবলৈ লৈছে এক লাখ মাস্ক । মাস্ক প্ৰস্তুত কৰা প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হৈছে চিন্দুৰীক ।

এই সন্দৰ্ভত চিন্দুৰীয়ে কয় “আমাৰ বিদ্যালয় কৰ্তৃপক্ষই দশম শ্ৰেণী উত্তীৰ্ণ এক লাখ শিক্ষাৰ্থীৰ বাবে মাস্ক প্ৰস্তুত কৰা দায়িত্ব লৈছে । মই নিজে এতিয়ালৈকে ১৫ টা মাস্ক বনাইছো ৷ প্ৰথমতে ভাবিছিলো এখন হাতেৰে কিদৰে মাস্ক চিলাই কৰিম ? কিন্তু মা আছিল মোৰ লগত। সেয়েহে মই এই কাম কৰিবলৈ সক্ষম হওঁ। কৰ’না সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ মাস্ক পৰিধান বাধ্যতামূলক বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ৷ বিদ্যালয়ত পাঠদানৰ সময়তো শিক্ষাৰ্থীসকলে মাস্ক পৰিধান কৰাটো কিমান প্ৰয়োজন সেই সন্দৰ্ভতো প্ৰচাৰ চলোৱা হৈছে। কৰ’না সংক্ৰমণৰ সাম্প্ৰতিক দিনত গৃহবন্দী জনতাৰ ক্ষেত্ৰত বহুজনৰেই লুকাই থকা প্ৰতিভা পোহৰলৈ আহিছে। কোনোবাই যদি নিজ তাগিদাৰ বাবে থ্ৰিডি প্ৰিন্টাৰ ব্যৱহাৰ কৰি ফেচশিল্ড প্ৰস্তুত কৰিছে তেনে আন কোনোবাই আকৌ দুৰ্গতসকলৰ বাবে খাদ্য প্ৰস্তত কৰিও সমাদৰ বুটলিবলৈ সক্ষম হৈছে ৷ বহুজনে চৰকাৰী পুঁজিলৈ বুলি অৰ্থদান কৰিও সহায়ৰ হাত আগবঢ়াইছে ৷ এইবাৰ সন্মুখলৈ আহিছে চিন্দুৰীয়ে বনোৱা মাস্ক ৷

Exit mobile version