কৰ’নাৰ পাছতে এইবাৰ পতংগৰ বাবে গৃহবন্দীত্বঃ কিন্তু ক’ত?

LocustsJaipurGetty20

কৰ’না সংকটৰ মাজতে পুনৰ উদ্বেগৰ সৃষ্টি কৰিলে কাকতি ফৰিঙে ৷ প্ৰায় এমাহৰ পূৰ্বে পশ্চিম আৰু মধ্য ভাৰতত কাকতি ফৰিঙৰ বিশাল জাকে উপদ্ৰৱ চলাইছিল এইবাৰ পতংগৰ ৰাক্ষসকুলে লক্ষ্য কৰি লৈছে উত্তৰ ভাৰতক। ৰাজধানী দিল্লীৰ সংলগ্ন গুৰুগ্ৰামৰ আকাশ সম্প্ৰতি প্ৰায় ছানি ধৰিছে কাকতি ফৰিঙৰ জাকে ৷ কৰ’না ৰোধৰ বাবে তলাবন্ধৰ ফলত দীৰ্ঘদিন গৃহবন্দী হৈ থকাৰ পাছত মানুহে ক্ৰমাৎ মুকলি বতাহ ল’বলৈ আৰম্ভ কৰিছিল । তেনে সময়তে কাকতি ফৰিঙৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰিবলৈ গুৰুগ্ৰামৰ মানুহে এতিয়া পুনৰ দুৱাৰ খিৰিকী বন্ধ কৰি গৃহবন্দীৰ দৰে সময় কটাবলৈ বাধ্য হৈ পৰিছে  ৷ হাৰিয়ানাৰ বিস্তীৰ্ণ অঞ্চলতো সম্প্ৰতি তদ্ৰুপ অৱস্থা ।

এইবোৰ অঞ্চলতো স্থানীয় লোকে দুৱাৰ খিৰিকী বন্ধ কৰি ঘৰতে সোমাই থাকিবলগীয়া হৈছে গুৰুগ্ৰামৰ চাইবাৰ হাব অঞ্চলত শুক্ৰবাৰে বিয়লিৰ পৰাই কাকতি ফৰিঙৰ উপদ্ৰৱ আৰম্ভ হয় । পতংগবিধৰ উপদ্ৰৱ ইমানেই বৃদ্ধি পায় যে জিলা প্ৰশাসনে স্থানীয় বাসিন্দাসকলক দুৱাৰ খিৰিকী বন্ধ কৰি ৰখাৰ নিৰ্দেশ দিয়ে  ৷ লগতে থালি বাচন বজাই কাকতি ফৰিং খেদিবলৈকো পৰামৰ্শ দিয়া হয় । কিন্তু নিশা পাৰ হোৱাৰ পাছতো ছাহাৰা মৰুভূমিৰ পৰা অহা পতংগৰ বিশাল জাকটোৱে অঞ্চলতো এৰি আঁতৰি নগ’ল ৷ ফলত আতংকিত স্থানীয় লোকে দুৱাৰ খিৰিকী বন্ধ কৰি নিজগৃহতে সোমাই থাকে ৷

এম জি ৰোড, ইফক’ চ’ক, ডি এল এফ ফেজ আই ৪ ভিলেজ চক্কৰপুৰ, সুখৰালিৰ দৰে গুৰুগ্ৰামৰ ব্যস্ততম অঞ্চলসমূহতো কাকতি ফৰিঙে আক্ৰমণ চলায়। বেভাৰ্লি পাক ২ ৰ বাসিন্দা ৰীতা শৰ্মাই সংবাদ মাধ্যমৰ আগত “দিনৰ প্ৰায় ১১ বজাত জাকে জাকে কাকতি ফৰিঙে উৰি ফুৰিবলৈ আৰম্ভ কৰে। লগে লগে দুৱাৰ খিৰিকী বন্ধ কৰি দিওঁ ৷ আবাসনৰ চাইৰেন বজাই আমি কাকতি ফৰিং খেদিবলৈ চেষ্টা কৰো । বৃহৎ বৃহৎ অট্টালিকা থকা চাইবাৰ হাব অঞ্চলতো কাকতি ফৰিঙৰ উপদ্ৰৱ দেখা যায় । বহু লোকেই ঘৰৰ ভিতৰৰ পৰাই ফ’টো আৰু ভিডিঅ’ সংগ্ৰহ কৰি সামাজিক মাধ্যমত প’ষ্ট কৰিছে ৷ এজন লোকে টুইটাৰত প’ষ্ট কৰা এতিয়া এটা ভিডিঅ’ত দেখা গৈছে এটা বাসগৃহৰ ছাদৰ ওপৰেদি এজাক কাকতি ফৰিঙ উৰি গৈছে । গুৰুগ্ৰাম দ্বাৰকা এক্সপ্ৰেছ ৱে’ত ইতিমধ্যেই কাকতি ফৰিং দেখা পোৱা গৈছে ৷ ইয়াৰ বাবে দিল্লী এয়াৰ ট্ৰেফিক কন্ট্ৰ’ল বিভাগে সকলো বিমান কোম্পানীকে সতৰ্ক কৰি দিছে ৷ কাকতি ফৰিঙৰ গতিবিধি জানিবলৈ বিশেষ টহলদাৰী দলো গঠন কৰা হৈছে । অৱশ্যে এই পৰ্যন্ত দিল্লীৰ বিমান সেৱা স্বাভাৱিক অৱস্থাত আছে।

Exit mobile version