তলাবন্ধ গুৱাহাটীঃ ধনীৰামে নিলে মোনা ভৰাই

WhatsApp Image 2020 06 28 at 1.34.23 PM

ৰাজধানী মহানগৰীৰ বজাৰ দোকান পোহাৰত শুক্ৰবাৰৰ পৰা প্ৰচণ্ড ভিৰ ৷ কাৰণ আজিৰ নিশাৰ পৰা ১৪ দিনৰ কাৰণে হ’ব সম্পূৰ্ণ তলাবন্ধ হ’ব গুৱাহাটীত ৷ সেয়েহে শুক্ৰবাৰৰ দুপৰীয়াৰ পৰা মহানগৰীৰ প্ৰতিখন বজাৰত ক্ৰেতাৰ হেতা ওপৰা । তলাবন্ধৰ প্ৰথম এটা সপ্তাহ অত্যাৱশ্যকীয় সকলো খাদ্য সামগ্ৰীৰ বন্ধ ৰাখি কঠোৰভাৱে ৰূপায়ণ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীত । ফলত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহতাৰ লগতে বৰষুণকো নেওচি প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিবলৈ ওলাই আহে সকলো ৷ কিন্তু এই সময়ছোৱাত বেংকৰ পৰা টকা উলিয়াই ধনীৰামে মোনা ভৰাই আগন্তুক দুসপ্তাহৰ বাবে ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাৰ বিপৰীতে দৈনিক উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া দীনবন্ধুৱে বজাৰত গঢ়ি উঠা ব্যাপক মূল্যবৃদ্ধি দেখি ভেবা লাগি বজাৰ দোকান পোহাৰ চাই খালী মোনা লৈ ঘৰলৈ উভতিব লগা হয় ৷ প্ৰশাসনৰ চকুৰ সন্মুখতে গঢ়ি উঠা এই মূল্যবৃদ্ধি দেখি তেওঁৰ লগত মাথোঁ এটাই প্ৰশ্ন আমাৰবোৰৰ কথা কোনে চিন্তা কৰিব? কিদৰে পৰিয়ালক ভৰণ পোষণ দিম? দেওবাৰে নিশা ১২ বজাৰ পৰা এসপ্তাহৰলৈকে সকলো গেলামালৰ দোকান বন্ধ থাকিব ৷

সেইবাবেই শুক্ৰবাৰৰ পৰা সকলোৱেই এই দিনকেইটা চলিব পৰাকৈ খাদ্য সামগ্ৰী যোগাৰ কৰাত ব্যস্ত হৈ পৰে ৷ ধনীক শ্ৰেণীৰ লগতে মধ্যবিত্তৰ পৰা দিন হাজিৰা কৰা জনলৈকে সকলো ব্যস্ত। অধিকাংশই নিজৰ পছন্দৰে মাছ মাংসৰ লগতে ক্ৰয় কৰিছে না না সামগ্ৰী। কিন্তু এনে বহু লোক আছে যিয়ে এদিন চলিবলৈকে কঠিন, সেইসকলে কিদৰে এটা সপ্তাহৰ খাদ্য সামগ্ৰী মজুত কৰিব বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন। উল্লেখযোগ্য যে পূৰ্বৰ তলাবন্ধত মহানগৰীৰ বহু দৰিদ্ৰ পৰিয়ালে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হোৱাৰ তথ্য পোহৰলৈ আহিছে । বৰ্তমান সময়ত এনে শ্ৰমজীৱী লোকৰ অধিকাংশৰ হাততে নাই জমা ধন। তেনেস্থলত মাজত মাথোঁ এটা দিনত কিদৰে এসপ্তাহৰ খাদ্য সামগ্ৰী এইসকল লোকে মজুত কৰিব তাক লৈ চিন্তিত হৈ পৰিছে ।

শনিবাৰৰ দিনটোত অন্য দিনৰ তুলনাত নিচেই কম পদপথৰ দোকানৰ সংখ্যা, ই ৰিক্সা, অট’ আদি ৷ বহু পদপথৰ দোকান পৰিচালনা কৰিব লগীয়া হৈছে ব্যৱসায়ীজনৰ পত্নী বা পুত্ৰই ৷কাৰণ পৰিয়ালৰ মূল গৰাকী ওলাই গৈছে অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰিবলৈ । সকলো উপায়বিহীন ৷ হাতত মোনা লৈ ওলাই গৈছে ৷ কিবা প্ৰকাৰে প্ৰয়োজনীয় চাউলখিনি সংগ্ৰহ কৰিব পাৰিলেই বহুত। উল্লেখযোগ্য যে দেওবাৰৰ মাজ নিশাৰ পৰা মহানগৰীত কঠোৰভাৱে তলাবন্ধ বলৱৎ হ’ব ৷ মধ্যবিত্তকে ধৰি একাংশ লোকে মোনা লৈ বজাৰলৈ আহিছে যদিও অত্যাধিক মূল্যবৃদ্ধিৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক্ৰয় কৰিব নোৱাৰি খালী হাতেই ঘৰমুৱা হ’ব লগা হৈছে ৷ এই ক্ষেত্ৰত নীৰৱ প্ৰসাসন তথা সংশ্লিষ্ট বিভাগ। ইয়াৰ উপৰি সংশ্লিষ্ট পক্ষই যদি এই সময়ছোৱাত দৈনিক শ্ৰমজীৱী তথা দৰিদ্ৰজনক সহায়ৰ হাত আগনবঢ়ায় তেন্তে বহুতেই বহু কষ্টৰে দিন অতিবাহিত কৰাটো নিশ্চিত হৈ পৰিছে ৷

Exit mobile version