ব্ৰহ্মপুত্ৰত উটি অহা খৰিৰ মাজত কাজিৰঙাৰ পশু উদ্ধাৰঃ এজনক গ্ৰেপ্তাৰ

kaziranga 647 073017094518

সমগ্ৰ ৰাজ্যত বানপানীয়ে বানাক্ৰান্ত লোকসকলৰ মাজত এক হাহাঁকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ সেই সময়তে প্ৰতি বছৰৰ দৰে চলিত বৰ্ষতো বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে । উদ্যানখনৰ জীৱ জন্তুৱে এতিয়া ধাপলি  মেলিছে ওখ ঠাইত আশ্ৰয় ল’বলৈ ৷ কিন্তু ওখ ঠাইত আশ্ৰয় ল’বলৈ যাওঁতেই এই জীৱ জন্তুসমূহৰ ওপৰত চকু পৰিছে দুৰ্বৃত্তৰ ৷ বিশেষকৈ বিহালী অঞ্চলত শেহতীয়াকৈ কে’বাটাও পশু হত্যা কৰি মাংস বিক্ৰী কৰিছে দূৰ্বৃত্তই। প্ৰতি কেজি পহু মাংসৰ দাম ৪০০ টকাৰ পৰা ৬০০ টকা বুলি জানিব পৰা গৈছে । বিহালীৰ বটিয়ামাৰী নেপালী বড়ি, ৰাংচালি দলনি, জনতা বাকৰি আদি গাঁৱত চলি আছে পহু হত্যা ৷ দিনৰ ভাগত হত্যা কৰি জংঘলৰ মাজত লুকুৱাই থোৱা পহুৰ মঙহ ৰাতি বিক্ৰী কৰা হয় । ইতিমধ্যে আৰক্ষী আৰু বন বিভাগে স্থানীয় লোকৰ সহযোগত কে’বাটাও পহু মৃত অৱস্থাত হাবিৰ পৰা উদ্ধাৰ কৰিছে যদিও চোৰাং চিকাৰীক ধৰিবলৈ সক্ষম নহ’ল।

উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা খৰিৰ মাজত ইণ্ডিয়াণ হগ পহু লুকুৱাই অনা অৱস্থাত ব্ৰহ্মপুত্ৰ-বুঢ়ীগাং নদীৰ ভোলাকটাৰ সমীপৰ নলাৰ পৰা ভোলাকটাৰ আবুল আলি নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে বন বিভাগৰ বিষয়া ইকবাল হুছেইনে ৷ ইফালে বিহালীৰ নেপালীবড়ীৰ লামাবস্তিত এটা মৃত পহু উদ্ধাৰ হৈছে ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ অস্তিত্ব বিপন্ন কৰি তুলিছে ৷ বানপানীৰ কবলত পৰি কাজিৰঙা ৰাষ্টীয় উদ্যানৰ ষষ্ঠ সংযোজনা আৰু ইয়াৰ কাষৰীয়া জনাঞ্চলৈ বানত আক্ৰান্ত কাজিৰঙাৰ জীৱকুল আতুৰ হৈ আশ্ৰয়ৰ সন্ধানত বিলাই বিপত্তি নোহোৱা হৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনাৰ অহা এনে এটা পহু আজি বিশ্বনাথ চাৰিআলিৰ দিগন্ত বৰাৰ নিৰ্মিয়মান ঘৰৰ গাত খন্দা এটা শৌচাগাৰৰ ভিতৰত সোমাই আবদ্ধ হৈ পৰে ৷

পিছত স্থানীয় ৰাইজে দিগন্ত বৰাৰ সহযোগত বন বিভাগক খবৰ দিয়াত বনবিভাগৰ কৰ্মীৰ সহযোগত উদ্ধাৰ হয় আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে ৷ আনহাতে বিশ্বনাথ চাৰিআলিৰ মধুপুৰৰ ৰাইজেও এটা পহু উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে ৷ বানপানীৰ কৱলত পৰি এনে আন কেবাটাও পহু বিহালীত ৰাইজে উদ্ধাৰ কৰি বন বিভাগক জমা দিয়াত পুনৰ সংস্থাপনৰ ব্যৱস্থ কৰে ৷ কাজিৰঙা ৰাষ্টীয় উদ্যান অথবা ষষ্ঠ সংযোজনা বানপানীৰ কবলত পৰি আতুৰ হৈ অহা এনে পহু উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়াৰ লগতে পহু হত্যা ব্যৱসায় নকৰিবলৈ সকিয়াই দিছে প্ৰকৃতিপ্ৰেমী ৰাইজে ৷ ইফালে বিশ্বনাথ জিলাৰ গহপুৰৰ দাঁতখোলা দিপৰা আদি ষষ্ঠ সংযোজনা এলেকাত এটা গড়ৰ মুক্ত বিচৰণ হোৱাত বনবিভাগৰ টোপনি হৰিছে ৷

Exit mobile version