“মন কী বাত”ত চীনক কি সকীয়নি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Modi 1

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৬ সংখ্যক “মন কী বাত” অনুষ্ঠানত কৰ’না ভাইৰাছৰ লগতে ভাৰত চীন সীমান্ত সন্দৰ্ভত মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মন কী বাত” জৰিয়তে ভাৰত চীন সীমান্ত সন্দৰ্ভত কয় যে ভাৰতে উচিত প্ৰত্যুত্তৰ দিব জানে ৷লগতে এটি সংস্কৃত শ্লোক পাঠ কৰি ভাৰত চীন প্ৰসংগত চীনক সকীয়নি প্ৰদান কৰে ৷ চীন ভাৰতত গালৱান উপত্যকাত হোৱা শ্বহীদসকলক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ বীৰসকলক লৈ আমি গৰ্বিত ।

লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত সম্প্ৰতি বৃহৎ সংকট আহি গৈছে যদিও সকলো বাধা অতিক্ৰম কৰি সৃষ্টিশীল কৰ্মও হৈছে । সাহিত্য, সংস্কৃতি, গৱেষণা আদিত নতুনত্বৰে ভৰি পৰিছে । ভাৰতৰ সংকল্প হৈছে দেশৰ স্বাভিমান আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা ৷ লগতে আত্ম নিৰ্ভৰশীল ভাৰত গঢ়ি তোলা ৷ ইফালে কৰ”না প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তলাবন্ধৰ আনলকৰ সময়ত অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব ৷ মন কী বাত”ত কৰ’না প্ৰসংগ কথা উত্থাপন কৰি মোদীয়ে অৰুণাচলৰ ছিয়াং জিলাৰ মিৰেম গাঁৱৰ প্ৰেৰণামূলক দৃষ্টান্ত কথা দাঙি ধৰে ৷

Exit mobile version