লখিমপুৰৰ শিমলুগুৰিত ব্ৰইলাৰ পালন কৰা যুৱকক শংকৰ সংঘৰ পৰা বহিস্কাৰ

IMG 20200628 WA0020

যি সময়ত সংস্থাপন বিছাৰি বহি:ৰাজ্যলৈ ঢাপলি মেলিছে অসমৰ শ শ নিৱনুৱা যুৱকে ঠিক সেই সময়তে ব্ৰইলাৰ পালনেৰে স্বাৱলম্বী হোৱাৰ মন মেলি সমাজৰ পৰা এঘৰীয়া হ’ব লগা হৈছে লখিমপুৰ জিলাৰ শিমলুগুৰিৰ এজন শিক্ষিত নিৱনুৱা যুৱকৰ পৰিয়াল । যুৱকজনৰ নাম সুনীল বৰা । বিহপুৰীয়া সমষ্টিৰ শিমলুগুৰিৰ সৰুল’ৰা বৰাৰ পুত্র সুনীল বৰাই চৰকাৰী চাকৰিৰ আশা বাদ দি এবছৰ পূৰ্বে বহিৰাজ্যলৈ গৈছিল কৰ্মসংস্থাপন বিছাৰি । কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশজুৰি চলি থকা তলাবন্ধৰ মাজতে ঘৰলৈ ঘূৰি আহিছিল যুৱকজন । ঘৰলৈ আহিয়েই ঘৰৰ পৰা কিছু নিলগত মোমায়েকৰ মাটিত আৰম্ভ কৰে এখন ফাৰ্ম । প্ৰিমিয়াম কোম্পানীৰ সাহাৰ্য লৈ মোমায়েকৰ পুতেকৰ সহযোগত আৰম্ভ কৰা ফাৰ্ম খনৰ জৰিয়তে স্বাৱলম্বী হৈ আগবাঢ়িব খোজা যুৱক জনৰ সমুখলৈ নামি আহিল এক দুৰ্যোগ ।কাৰণ, ব্ৰইলাৰ পোহাৰ অপৰাধত সুনীলৰ পৰিয়ালটোক এঘৰীয়া কৰিলে সমাজে ।

শ্ৰীমন্ত শংকৰদেৱ শংঘৰ লখিমপুৰ জিলাৰ কমলপুৰ প্ৰাথমিক শাখাই এঘৰীয়া কৰিলে পৰিয়ালটোক । ইতিমধ্যে যোৱা ২৬ জুনৰ দিনা কমলপুৰ প্ৰাথমিক শাখাৰৰ তৰফৰ পৰা সুনীলৰ পিতৃ সৰুলৰা বৰাক এখন পত্ৰ যোগে সমাজৰ পৰা এঘৰীয়া কৰাৰ কথা অৱগত কৰে । এই খবৰৰ পিছতে পৰিয়ালটোলৈ নামি আহে ঘোৰ অন্ধকাৰ । সমাজৰ পৰা এঘৰীয়া কৰাৰ বেদনাত আক্ৰান্ত হৈ পিতৃ সৰুলৰা বৰা বাকৰুদ্ধ হৈ পৰে । আনহাতে এই ঘটনাই তিলমানো বিচলিত কৰিব নোৱাৰা সুনীলে শ্ৰীমন্ত শংকৰদেৱ সংঘক প্ৰত্যাহ্বান জনাই দুগুণ উৎসাহেৰে আগবাঢ়ি যাব খোজে । পৰৱৰ্তী সময়ত আইনৰ সহায় লোৱাৰো হুংকাৰ দিয়ে সুনীলে । এতিয়া প্ৰশ্ন হয় সমাজৰ বাধা অতিক্ৰমি কোম্পানীৰ সহযোগত সম্পূৰ্ণ নিজা প্ৰচেষ্টাত সংস্থাপনৰ বাট মুকলি কৰা সুনীল বৰা নামৰ যুৱক জনৰ প্ৰতি ৰাজ্যৰ বিয়াগোম পশুপালন বিভাগৰ সু-দৃষ্টি পৰিবনে?

Exit mobile version