অসম আৰক্ষীত ক’ভিভ-১৯ৰ সন্ত্ৰাস

3coronavirus 82

কৰ’না মহামাৰীৰ সময়ত নিজৰ দায়িত্ব সূচাৰুপে পালন কৰা ৰাজ্যৰ অসম আৰক্ষীৰ ৪৪ জন জোৱান ক’ভিড-১৯ত আক্ৰান্ত হৈছে । আনহাতে কোৱাৰেন্টাইনত আছে ১১২৭ জন ৷ এই কথা টুইটাৰ যোগে সদৰী কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । উল্লেখযোগ্য যে ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা । পুনৰ ৩২৭ জনৰ শৰীৰত পোৱা গৈছে ক’ভিড-১৯ ৷ টুইটাৰ যোগে এই কথা জনালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই পৰ্যন্ত ৰাজ্যত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৭৪৯২ জন, সুস্থ হৈ উঠিছে ৫০৮৮ জন, চিকিৎসাধীন হৈ আছে ২৩৯০ জন আৰু মৃত্যু হৈছে ১১ জনৰ।

 

Exit mobile version