গুৱাহাটীৰ বিমানবন্দৰ আৰু ৰেল ষ্টেচনলৈ কিদৰে যাতায়াত কৰিব যাত্ৰীয়ে ?

30 04 181525072712 678x381 Dispur Police station

দেওবাৰে নিশাৰ পৰা বলবৎ হোৱা তলাবন্ধৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ সেৱা চহৰৰ বিভিন্ন ঠাইত নিৰ্দিষ্ট কৰি দিয়া পিক আপ্ পইন্টৰ পৰা যাত্ৰীসকলে বিমানবন্দৰ তথা ৰেল ষ্টেচনলৈ যাতায়াত কৰাৰ সুবিধা কৰা হৈছে । নিম্নলিখিত আৰক্ষী থানা আৰু আৰক্ষী চকীবোৰ পিক আপ্ পইন্ট হিচাপে চিহ্নিত কৰা হৈছে।
১.দিছপুৰ আৰক্ষী থানা
২. নুনমাটি আৰক্ষী থানা
৩.পাণবজাৰ আৰক্ষী থানা
৪.লতাশিল আৰক্ষী থানা
৫. পল্টন বজাৰ আৰক্ষী থানা
৬.ভৰলুমুখ আৰক্ষী থানা
৭.গীতানগৰ আৰক্ষী থানা
৮.জালুকবাৰী আৰক্ষী থানা
৯.বশিষ্ঠ আৰক্ষী থানা
১০. ফটাশিল আমবাৰী আৰক্ষী থানা
১১.হাতীগাঁও আৰক্ষী থানা
১২.গড়চুক আৰক্ষী থানা
১৩. ভঙাগড় আৰক্ষী থানা
১৪. সাতগাঁও আৰক্ষী থানা
১৫.চান্দমাৰী আৰক্ষী থানা
১৬. ফাঁচী বজাৰ আৰক্ষী চকী
১৭. মালিগাঁও আৰক্ষী চকী
১৮. উদালবাকৰা আৰক্ষী চকী
১৯. বিৰুবাৰী আৰক্ষী চকী
২০. যোৰাবাট আৰক্ষী চকী
২১. ISBT আৰক্ষী চকী
২২. পানীখাইতি আৰক্ষী চকী

*এই বাছসমূহ ওপৰত উল্লেখিত স্থানৰ পৰা ৰাতিপুৱা পাঁত বজাত, সাত বজাত, ন বজাত, ১১ বজাত, এক বজাত, তিনি বজাত, পাঁচ বজাত আৰু সন্ধিয়া সাত বজালৈ চলাচল কৰিব ।

*গুৱাহাটীৰ যিকোনো বাসিন্দাই যদি আকাশমাৰ্গেৰে তথা ৰেল সেৱাৰে যাত্ৰা কৰিব বিচাৰে তেন্তে বিমানবন্দৰলৈ আৰু ৰেল ষ্টেচনলৈ যাবৰ বাবে ৰেজিস্টাৰ কৰক http://assamtransportrelief.in/ ত।

* নিম্নলিখিত হোৱাটচ্আপ(Whatsapp) নম্বৰৰ জৰিয়তেও যাতায়াত ৰেজিস্টাৰ সম্বন্ধে যোগাযোগ কৰিব পাৰে –
6026900637
6026900969
6026900638
6026900970
6026900639
6026900971
6026900966
6026900972
6026900967
6026900973
6026900968
6026900976

*এই হেল্পলাইন সেৱাসমূহ দিনৰ ১০ বজাৰ পৰা নিশা ১০ বজালৈ মুকলি থাকিব।
*ৰেজিষ্ট্ৰেচন যিকোনো যাত্ৰাৰ ২৪ ঘন্টা আগতীয়াকৈ কৰাটো অনিবার্য লগতে সম্পূর্ণ তথ্য তথা যেনে যাত্ৰীগৰাকীৰ সম্পূর্ণ নাম, মোবাইল নম্বৰ, পিক আপ পইন্টৰ নাম, ফ্লাইট/ৰেল নম্বৰ, ফ্লাইট আৰু ৰেলৰ এৰা সময় আৰু তাৰিখ, PNR কোড নম্বৰ যোগান ধৰিব লাগিব। যাত্ৰীসকলে ASTC বাছৰ সেৱা গ্ৰহণৰ আগমুহূৰ্তত ৰেল আৰু ফ্লাইটৰ টিকত দেখুৱাব লাগিব।

*যিসকল বাসিন্দাই ব্যক্তিগত আৰু ভাড়াতীয় গাড়ী বিমানবন্দৰ আৰু ৰেল ষ্টেচনলৈ পিকআপ্ আৰু ড্ৰপৰ বাবে ব্যবহাৰ কৰিব বিচাৰে তেওঁলোকে ৰেজিস্টাৰ কৰিব নালাগে। কিন্তু, গাড়ীৰ ড্ৰাইভাৰে পিক আপ্ বা ড্ৰপ কৰোতে লগত যাত্রীৰ ফ্লাইট বা ৰেলৰ টিকট ৰাখিব লাগিব ।

Exit mobile version