টিক ট’ক নিষিদ্ধ ভাৰততঃ ৫৯ টা চীনা এপ দেশজুৰি বন্ধৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

TikTok
শেহতীয়াকৈ ভাৰতত আৰু চীন সীমান্তত  উত্তেজনা  অব্যাহত থকাৰ সময়তে সোমবাৰে  নিশা কেন্দ্ৰীয় চৰকাৰে ৫৯টা চীনা এপ  নিষিদ্ধ ঘোষণা কৰিলে। ইয়াৰ ভিতৰত আছে জনিপ্ৰয় ‘টিক ট’ক’ আৰু ইউ চি ব্ৰাউজাৰ। কোৱা হৈছে যে, ‘তথ্য আৰু প্ৰযুক্তিৰ মন্ত্ৰণালয়ে জৰুৰীভাৱে উদ্ভৱ হোৱা ভাবুকিৰ পৰিপ্ৰেক্ষিতত ৫৯ টা চীনা এপ ব্লক কৰাৰ সিদ্ধান্ত লৈছে। তথ্য অনুসৰি এই এপসমূহে দেশৰ সাৰ্বভৌমত্ব আৰু  সংহতি,প্ৰতিৰক্ষা,ৰাজ্যৰ সুৰক্ষা আৰু ৰাজহুৱা শৃংখলাৰ প্ৰতি ক্ষতিকাৰক কাম-কাজ কৰি আছিল। উল্লেখ্য  যে দেশৰ তৰুণ চামৰ মাজত জনপ্ৰিয়  ‘টিক ট’ক’ৰ সৰ্বাধিক ব্যৱহাৰকাৰী আছিল দেশত। ইয়াৰ পাছতে স্থান লাভ কৰিছে চীন আৰু আমেৰিকাই।
ADVERTISEMENT
Exit mobile version