প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস অমিত শ্বাহৰঃ সোণোৱাল আৰু হিমন্তৰে টেলিফোনিক বাৰ্তালাপ

HM Shah

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰে টেলিফোনযোগে বাৰ্তালাপ কৰি ৰাজ্যখনৰ বান-গঢ়াখহনীয়া আৰু ভূমিস্খলনৰ ঘটনাৰ বুজ লয়। বাৰ্তালাপৰ সময়ছোৱাত, কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে এনে পৰিস্থিতিৰ স’তে মোকাবিলা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰপৰা সকলোধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে । এটা টুইটত শ্বাহে কয়, “ব্ৰহ্মপুত্ৰ নদীৰ উদ্বেগজনক পৰিস্থিতি আৰু গুৱাহাটীৰ সমীপত সংঘটিত ভূমিস্খলনৰ ঘটনাৰ বুজ ল’বলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে বাৰ্তালাপ কৰো। ৰাজ্যখনক সম্ভাৱ্য সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিওঁ। মোডী চৰকাৰে অসমৰ জনসাধাৰণৰ সৈতে দৃঢ়ভাৱে থিয় দিছে।”

উল্লেখ্য যে ভূমিস্খলনৰ ঘটনাৰ সময়ত উদ্ধাৰ অভিযানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে এনডিআৰএফ মোতায়েন কৰাৰ পোষকতা কৰাত মুখ্যমন্ত্ৰী সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী শৰ্মা উভয়ে তেওঁক কৃতজ্ঞতা জনায়। ইফালে, ৰাজ্য বান পৰিস্থিতি সন্দৰ্ভত ২৮ জুন, ২০২০ত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰী (ASDMA)ৰ প্ৰতিবেদন অনুসৰি ২৩ খন জিলা ক্ৰমে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, ওদালগুৰি, দৰং, নলবাৰী, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, হোজাই, পশ্চিম কাৰ্বি আংলং, দক্ষিণ শালমৰা, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, বৰপেটা, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলা বানৰ কৱলত পৰিছে।

মুঠ ২,০৭১ খন গাঁৱৰ ৯.২৬ লাখ লোক বানত আক্ৰান্ত হৈছে। বিভিন্ন জিলাত স্থাপন কৰা ১৩৩ টা সাহাৰ্য্য কেন্দ্ৰত ২৭,৩০৮ বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰিছে । ২২১ টা বাসগৃহ বানত আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ধেমাজি, ডিব্ৰুগড়, বঙাইগাঁও, বৰপেটা আৰু নলবাৰীত এছডিআৰএফ, এনডিআৰএফ, অসামৰিক প্ৰতিৰক্ষা আৰু ৰাজহ চক্ৰৰ কাৰ্যালয়ৰদ্বাৰা উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰ অভিযানত ৬১ খন নাও মোতায়েন কৰা হৈছে আৰু অদ্যপি ৯,৩০৩ জন লোকক উদ্ধাৰ কৰা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলো বানৰ কৱলত পৰিছে।

Exit mobile version