ভাৰতৰ বিৰুদ্ধে অভিযোগ আনি সমালোচনাৰ সন্মুখীন নেপালৰ প্ৰধানমন্ত্ৰী

napal

ভাৰতে আমাৰ চৰকাৰক গাদীচ্যুত কৰিব বিচাৰিছে ৷ ইয়াৰ কাৰণে দিল্লী আৰু কাঠমাণ্ডুত অভিসন্ধি চলিছে ৷ ভাৰতৰ বিৰুদ্ধে এই অভিযোগ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিৰ। ভাৰত চীনৰ সীমান্তৰ সন্দৰ্ভত চলি থকা বিভিন্ন বিতৰ্কৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰীৰ ভাৰতৰ বিৰুদ্ধে এই অভিযোগ চৰ্চালৈ আহিছে ৷

ADVERTISEMENT

ইফালে নেপালৰ বিৰোধী পক্ষই চৰকাৰৰ বিৰুদ্ধে অভিযোগ দিয়ে যে তেওঁলোকে দেশখনৰ এটা অংশ চীনক হস্তান্তৰ কৰিলে ৷আৰু ক’ভিড১৯ক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে নেপাল চৰকাৰ ৷ আনহাতে নেপালৰ এখন সংবাদ পত্ৰ দ্য হিমালয় টাইমছ’ৰ মতে প্ৰধানমন্ত্ৰী অ’লীয়ে সমালোচনা কৰা সকলক শান্ত কৰাৰ পৰিৱৰ্তে ভাৰতৰ ওপৰত অভিযোগ অনাত ব্যস্ত হৈছে ৷ এইয়া অ’লীৰ তেওঁৰ গাদী ৰক্ষা কৰাৰ এক কৌশল।

আনহাতে দেওবাৰে এক অনুষ্ঠানত অ’লীয়ে কৈছিল ভাৰতীয় সংবাদ মাধ্যমত মোৰ পদত্যাগৰ কথা আলোচনা হৈছে কিন্তু এইবাৰ তেনে কোনো ঘটনা সংঘটিত নহয় ৷কাৰণ ২০১৬ চনত অ’লীয়ে চীনৰ লগত ব্যৱসায়িক চুক্তি কৰিছিল। ইয়াৰ পিছত অ’লীক শাসনৰ পৰা একাষৰীয়া কৰা হৈছিল। কিন্তু সকলোকে আচৰিত কৰি প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লী দলৰ এজন সাংসদ ৰাম কুমাৰী ঝানকাৰীৰ ভাষ্য যে অ’লীয়ে নিজৰ অক্ষমতাক ঢাকিবলৈ ভাৰতৰ ওপৰত অভিযোগ উত্থাপন কৰিছে ।সম্প্ৰতি নেপালৰ প্ৰধানমন্ত্ৰীৰ এই অভিযোগৰ প্ৰত্যুত্তৰ ভাৰতে কেনেধৰণে দিব সেয়াহে হ’ব লক্ষ্যণীয় ৷

Exit mobile version