চীনা ম’বাইল এপৰ বিকল্প হিচাপে আপোনাৰ স্মাৰ্টফোনত কি কি এপ ইনষ্টল কৰিব ?

jpg 5

টিকটকসহ ভাৰতত চীনৰ ৫৯ টা মোবাইল এপ নিষিদ্ধ হোৱাৰ পাছত ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰীসকলে নিজৰ ম’বাইলত এতিয়া এনেবোৰ চীনা এপৰ বিকল্প হিচাপে কি এপ ব্যৱহাৰ কৰিব তাক লৈ চিন্তিত হৈছে  ৷ ৫৯ টাকৈ চীনা এপ ভাৰতত চৰকাৰে নিষিদ্ধ কৰিলেও ভাৰতীসকল চিন্তিত হোৱাৰ প্ৰয়োজন নাই । কিয়নো ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ হাতত চীনা এপৰ অনেক বিকল্প আছে ৷ প্ৰথমতে জনপ্ৰিয় চীনা ভিডিঅ’ শ্বেয়াৰিং এপ টিককৰ কথাকে উল্লেখ কৰিব পাৰি। টিকটকৰ একাধিক বিকল্প সম্প্ৰতি গুগল প্লে’ষ্টৰত উপলব্ধ হৈছে । চিংগাৰী, মিত্ৰণ, ৰপ’ছ’ আদিৰ দৰে ভাৰতীয় ভিডিঅ’ শ্বেয়াৰিং এপ ম’বাইল ব্যৱহাৰকাৰীসকলে টিকটকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব ৷

উল্লেখযোগ্য যে, টিকটকৰ নিষিদ্ধ কৰাৰ বাতৰি প্ৰকাশৰ পাছতে ভাৰতত এনেবোৰ থলুৱা ম’বাইল এপৰ ডাউনলোড যথেষ্ট বৃদ্ধি পাইছে  ৷ একেদৰে চীনা এপ শ্বেয়াৰইটৰ বিকল্প হিচাপে ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে থলুৱা জেড শ্বেয়াৰ এপ মোবাইলত ডাউনলোড কৰি ল’ব পাৰিব ৷ ইয়াৰ জৰিয়তে অতি সহজে ম’বাইলৰ পৰা বিভিন্ন ফাইল, ভিডিঅ’, অডিঅ’ ইত্যাদিৰ আদান প্ৰদান কৰিব পাৰিব । উইচেট, হেল’ আদিৰ দৰে চীনা এপৰ বিকল্প হিচাপে ভাৰতীয় ম’বাইল ফোন ব্যৱহাৰকাৰীয়ে দেশীয় শ্বেয়াৰচেট এপ ব্যৱহাৰ কৰিব পাৰিব ৷ শ্বেয়াৰচেটত হিন্দীসহ আন ১৫ টা ভাৰতীয় ভাষাত বাৰ্তাৰ আদান প্ৰদানৰ ব্যৱস্থা আছে ৷

চীনা কেমস্কেনাৰ এপৰ পৰিৱৰ্তে ভাৰতীয় এডব স্কেন ম’বাইলত ডাউনলোড কৰিব পাৰিব ৷ এডবস্কেন এপ চীনা কেমস্কেনাৰৰ দৰে কাম কাজত ব্যৱহাৰ কৰিব পাৰি ৷ সেইদৰে ভিভা ভিডিঅ’ নামৰ চীনা এপৰ পৰিৱৰ্তে এতিয়াৰে পৰা আপুনি নিজৰ ম’বাইলত ফ’টো ভিডিঅ’মেকাৰ নামৰ দেশীয় এপ ব্যৱহাৰেৰে ফটো আৰু ভিডিঅ’ৰ প্ৰয়োজনীয় সম্পাদন কৰিব পাৰিব ৷ বিউটিপ্লাছ, ইউকেম পাৰফেক্ট এপৰ স্থানত ইণ্ডিয়ান ছেলফী কেমেৰা এপ ম’বাইলত ডাউনলোড কৰি লওক ৷ ইউচি ব্ৰাউজাৰ এপৰ পৰিৱৰ্তে আপোনাৰ ম’বাইলত এতিয়াৰে পৰা ভাৰতীয় জিঅ’ ব্ৰাউজাৰ এপ ৰাখক ৷ এইদৰে চীনা এপ বৰ্জন কৰি আপুনি গুগল প্লেষ্ট’ৰৰ পৰা আপুনি ইয়াৰ বিকল্প হিচাপে উপলব্ধ ভাৰতীয় বা আন দেশৰ ম’বাইল এপ ডাউনলোড কৰি পূৰ্বৰ দৰে স্মাৰ্টফোন ব্যৱহাৰৰ আনন্দ অব্যাহত ৰাখিব পাৰিব ৷

Exit mobile version