এক হৃদয়বিদাৰক দৃশ্যঃ সন্মুখতেই সন্ত্ৰাসবাদীৰ গুলীত নিহত ককাক

WhatsApp Image 2020 07 01 at 3.58.39 PM

পুৱা ককাকৰ আঙুলিত ধৰি ফুৰিবলৈ গৈছিল তিনি বছৰীয়া কণমানিটি ৷ হঠাতে চাৰিওফালৰ পৰা অহা গুলীয়ে কনমানিৰ সন্মুখততেই থকা সৰকা কৰিলে ককাকক ৷ ইয়াৰ পিছতেই মৃত ককাকৰ শৰীৰৰ ওপৰত উঠি চিঞৰি চিঞৰি কান্দিছে কণমানিটিয়ে ৷ কি জানি ককাক জীয়াই উঠেই। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে জম্মু কাশ্মীৰৰ চপোৰ অঞ্চলত ৷ জম্মু কাশ্মীৰত সংঘটিত হোৱা এনকাউণ্টাৰত এজন জোৱান শ্বহীদ হোৱাৰ লগতে এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয় ৷

আনহাতে সন্ত্ৰাসবাদী আৰু চি আৰ পি এফৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু হোৱা নাগৰিকজন আছিল কনমানিটিৰ ককাক ৷ ইফালে সন্ত্ৰাসবাদীৰ গুলীত ককাৰ মৃত্যুৰ লগে লগে শিশুটিয়ে কান্দি কান্দি মাটিত ঢলি পৰা ককাকক উঠাবলৈ যত্ন কৰে ৷ ইয়াৰ পিছতে এজন জোৱানে ইংগিতেৰে শিশুটিক নিজৰ ওচৰলৈ মাতে ৷ শিশুটিয়েও ইংগিত বুজি পায় লাহে লাহে জোৱানজনৰ কাষলৈ যায়। ইয়াৰ পিছত শিশুটিক বুলেট প্ৰুফ পৰিহিত এজন জোৱানক গতাই দিয়া হয় ৷ জোৱানজনে শিশুটিক বিস্কুট, চক’লেট দি ঘৰত থোৱাৰ ব্যৱস্থা কৰে ৷

Exit mobile version