বিত্তীয় সাহায্যৰ দাবীৰে ভাৰতীয় সাংবাদিক পৰিষদৰ বৈঠক

Gitartha Pathak

ভাৰতীয় সাংবাদিক পৰিষদে (দ্য ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়ন) (IJU) শুক্ৰবাৰে National Executive Council শীৰ্ষক এখন বৈঠক অনুষ্ঠিত কৰে । এই বৈঠকত প্ৰায় ৩০ জন বিভিন্ন ৰাজ্যৰ সদস্যই অংশ লয়। আই জে ইউৰ অধ্যক্ষ গীতাৰ্থ পাঠকে উত্তৰ প্ৰদেশ চৰকাৰ সাংবাদিকৰ প্ৰতি দমনমূলক নীতিৰ বিৰোধ কৰাৰ উপৰিও এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক দিয়াৰ পোষকতা কৰে। লগতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সংবাদকৰ্মীসকলৰ কাৰণে এক বিত্তীয় সাহাৰ্য দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত যোগাযোগ কৰাৰ কথা উল্লেখ কৰে।

আই জে ইউয়ে কয় যে ইউৰোপীয় দেশসমূহত সাংবাদিকসকলৰ কাৰণে বিশেষ পেকেজ দিয়ে কিন্তু দুৰ্ভাগ্যজনকভাৱে চৰকাৰে ব্যৱসায়ী, চিকিৎসক, স্বাস্থ্যকৰ্মীসকলৰ কাৰণে আৰ্থিক পেকেজ দিছে যদিও দেশৰ সাংবাদিকসকলে কোনো সাহাৰ্য লাভ কৰা নাই । আইজেইউয়ৰ অধ্যক্ষ গীতাৰ্থ পাঠকে কয় যে কৰ’না মহামাৰীয়ে সাংবাদিকসকলৰ কাৰণে প্ৰত্যাহ্বান কঢ়িয়াই আনিছে । সেয়েহে এজন সংবাদকৰ্মীক শ্ৰম আইনৰ সকলো তথ্যৰ সন্দৰ্ভত সজাগ সচেতন হ’বলৈ চেমিনাৰ আয়োজিত কৰা সন্দৰ্ভতো উল্লেখ কৰে ।

Exit mobile version