ধোঁৱা চাঙত ডিজিটেল ইণ্ডিয়াঃ অচল সচিবালয়

Janata Bhawan

ৰাজ্যত শ্ল’গানতে আৱদ্ধ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ “ডিজিটেল ইণ্ডিয়া”ৰ ধাৰণা ৷ কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য অব্যাহত থকা তলাবন্ধৰ সময়ছোৱাত চৰকাৰী কাম কাজৰ আগুৱাই নিয়াৰ বাবে বিকল্প পদ্ধতি গ্ৰহণৰ সুবৰ্ণ সুযোগ থকাৰ পাছতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ । ফলত কেৱল কামৰূপ মহানগৰ জিলাত অব্যাহত থকা সম্পূৰ্ণ তলাবন্ধৰ বাবে পুনৰ স্থবিৰ হৈ পৰিছে ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ডস্বৰূপ জনতা ভৱনত ধৰি মহানগৰীৰ বিভিন্ন স্থানত থকা চৰকাৰী কাৰ্যালয় তথা সঞ্চালকালয়ৰসমূহৰ কাম কাজ ৷ পূৰ্বৰ অভিজ্ঞতাৰ পৰা দুৰ্ভাগ্যজনকভাৱে কোনো শিক্ষা গ্ৰহণ নকৰাৰ ফলতে এনেদৰে অচলাৱস্থাৰ সৃষ্টি হৈছে ৰাজ্য প্ৰশাসনত । এই ক্ষেত্ৰত সাৰ পানী দিছে ৰাজ্য প্ৰশাসনৰ একাংশ শীৰ্ষ আমোলাই।

সচিবালয়ৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, কৰ’নাৰ দ্ৰুত সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য কামৰূপ কামৰূপ মহানগৰ জিলাত দেওবাৰে মাজনিশাৰ পৰা অব্যাহত আছে সম্পূৰ্ণ তলাবন্ধ ৷ এনে পৰিস্থিতিত চৰকাৰে ডিজিটেল পদ্ধতিৰ সু প্ৰয়োগত গুৰুত্ব নিদিয়াৰ বাবেই সম্প্ৰতি স্থবিৰ হৈ পৰিছে ৰাজ্য প্ৰশাসনৰ কাম কাজ । কেৱল ৰাজ্যবাসীক দেখুৱাবলৈ মাথো দায় সৰাৰ লক্ষ্যৰে তলাবন্ধৰ সময়তো যুটীয়া পৰ্যায়ৰ পৰা ওপৰৰ আমোলা বিষয়াসকলক নিজ নিজ কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে চৰকাৰে ৷ অথচ এই নিৰ্দেশনা বাস্তৱ ক্ষেত্ৰত যে মূল্যহীন তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন ৷ যোৱা ২৪ মাৰ্চৰ পৰা দেশব্যাপী বলবৎ হয় প্ৰথম পৰ্যায়ৰ তলাবন্ধ । পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে তলাবন্ধৰ নীতি নিৰ্দেশনাসমূহ শিথিল হোৱাৰ সময়তে দেওবাৰৰৰ পৰা কেৱল কামৰূপ মহানগৰ জিলাত পুনৰ তলাবন্ধ ঘোষণা কৰে ৰাজ্য চৰকাৰে ।

কিন্তু বিগত মাৰ্চৰ পৰা এই ক্ষেত্ৰত সন্মুখীন হোৱা অভিজ্ঞতাৰ পৰা কোনো ধৰণৰ শিক্ষা গ্ৰহণ নকৰাকৈ জনতা ভৱনকে ধৰি মহানগৰীৰ বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু সঞ্চালকালয়ত কেৱল যুটীয়া সচিব পৰ্যায়ৰ পৰা ওপৰৰ আমোলা বিষয়াক কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিয়ে চৰকাৰে ৷ আনহাতে ৰাজ্যত বৰ্তমান ই গৰ্ভণেন্স সেৱা অব্যাহত থকা বুলি নিয়মাফিকভাৱে উল্লেখ কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷  দৈনিক অগ্ৰদূত আগত সদৰী কৰি তেওঁ কয় যে বৰ্তমান নিজ নিজ কাৰ্যালয়ত বিভাগীয় আমোলা বিষয়াসকল উপস্থিত আছে ৷তাৰ বাবে ফাইল ঘৰলৈ নিয়াৰ প্ৰয়োজন নাই ৷ বৰ্তমানে যিসকল বিষয়া কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নাই ৷ সেইসকল বিষয়া কৰ্মচাৰীক প্ৰয়োজন সাপেক্ষ মতাই অনা হয়। লগতে ডিজিটেল পদ্ধতিৰে ই গভৰ্ণেন্স সেৱা অব্যাহত থকা বুলিও তেওঁ উল্লেখ কৰে ৷

Exit mobile version