বিয়ালৈ গ’ল ! পিছে লগত লৈ আহিল কৰ’না

marriage

এতিয়া বিয়াৰ সময় । চাৰিওফালে কৰ’না আতংক । তথাপিও কৰ’না আতংকৰ সমান্তৰালভাৱে বিয়াৰ ধুম উঠিছে বিভিন্ন ঠাইত ।বিহাৰৰ পাটনাত বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ল ১৩০ গৰাকীকৈ লোক । ইফালে দুৰ্ভাগ্যজনক ভাৱে বিয়াৰ দুদিনৰ পিছতেই কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় দৰাৰ । অনুমান কৰা মতে বিয়াৰ পূৰ্বৰে পৰা কৰ’নাত আক্ৰান্ত হৈছিল দৰা জন ।শৰীৰত দেখা দিছিল কৰ’নাৰ উপসৰ্গই । কিন্তু তালৈ কোনো গুৰুত্ব নিদিলে পৰিয়ালটোৱে । দৰাৰ মৃত্যুৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে । ইয়াৰ পাছতে ৰোগৰ উৎস বিচাৰিবলৈ লয় প্ৰশাসনে । ফলত বিয়াত উপস্থিত থকা সকলোৰে সন্ধানত নামি পৰে প্ৰশাসন।

এই বিবাহ খনত উপস্থিত আছিল প্ৰায় চাৰে তিনি শতাধিক অতিথি । বিয়াৰ পাছতে পৰিয়ালৰ ১৫ গৰাকী সদস্যৰ মাজতো কভিড-১৯ৰ অৱস্থিতি ধৰা পৰে । ইতিমধ্যে এই বিয়াত উপস্থিত থকা ১৩০ গৰাকীকৈ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হয় ।ইপিনে, দৰাৰ মৃত্যুৰ পাছতো কভিড-১৯ৰ পৰীক্ষা নকৰাকৈ তথা প্ৰশাসনৰ অনুমতি অবিহনে শেষকৃত্য সম্পন্ন কৰে পৰিয়ালটোৱে। পৰিয়ালটোৰ এই কাণ্ডত জাঙুৰ খাই উঠিছে প্রতিবেশীসকল। উল্লেখ্য যে একেলগে ইমানবিলাক লোক কৰ’নাত আক্ৰান্ত হোৱা ঘটনা বিহাৰত এইটোৱে প্ৰথম ।

Exit mobile version