ভাৰতীয় ৰেলত যুক্ত হ’ল ছুপাৰ আনাকোণ্ডা

image 1

এখন তীব্ৰবেগী ৰেল । ১৭৭ টা মালভৰ্তি ৰেকযুক্ত এই ৰেলখনৰ গতি ঘণ্টাত সৰ্বাধিক ৬০ কিলোমিটাৰ আৰু গড়ে ৪০ কিলোমিটাৰ । মাত্ৰ দুঘণ্টাৰ ভিতৰতে বিলাসপুৰৰ পৰা চক্ৰধৰপুৰ ডিভিজনত উপস্থিত হয় ৰেলখন । তিনিখন মালগাড়ী যুক্ত কৰি চলোৱা এই উদ্যোগৰ নাম ৰখা হৈছিল ‘ছুপাৰ আনাকুণ্ডা’। ৰেলখনৰ ভিডিঅ’ ভাৰতীয় ৰেলৰ তৰফৰ পৰা ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যমত প’ষ্ট কৰিছে । প্ৰথম যাত্ৰাতেই ‘ছুপাৰ আনাকুণ্ডা’ই সফলতা অৰ্জন কৰে ।

ৰেলৰ অন্যতম ব্যস্ত পথত ‘ছুপাৰ আনাকুণ্ডা’ যি গতিৰে আগবাঢ়িছিল, সেই গতিয়ে আশাবাদী কৰি তুলিছে ভাৰতীয় ৰেলৰ শীৰ্ষ বিষয়া সকলক । প্ৰায় ১৫ হেজাৰ টন কয়লা সৰবৰাহ কৰা এই ৰেলখনক ছহেজাৰ হৰ্ছপাৱাৰৰ তিনিটা বৈদ্যুতিক ইঞ্জিনে কয়লাভৰ্তি ৰেকসমূহ টানি নিছিল । অধিকাংশ যাত্ৰীবাহী ৰেলসমূহ এতিয়া বন্ধ । কেৱল সামগ্ৰী সৰবৰাহৰ বাবে ৰেলসমূহ এতিয়া চলি আছে । আনহাতে, ‘ছুপাৰ আনাকুণ্ডা’ই ব্ৰজৰাজনগৰ সমীপৰ লাজকুৰাৰ পৰা যাত্ৰা আৰম্ভ কৰি মাত্ৰ দুঘণ্টাৰ ভিতৰতে ৰৌৰকেল্লাত উপস্থিত হয় ।

Exit mobile version