ডান্সিং কুইন সৰোজ খান গ’লগৈ,মই ভাগি পৰিছোঃমাধুৰী দিক্ষীত

saroj khan

শুক্ৰবাৰে নিশা ৭১ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বলীউডৰ ডান্সিং কুইন সৰোজ খানৰ মৃত্যু হয়। বিগত কিছুদিনৰ পৰা স্বাস্থ্যৰ অৱনতি হৈ আহিছিল সৰোজ খানৰ ৷ বলীউডৰ ডান্সিং কুইন সৰোজ খানৰ মৃত্যুত ভাগি পৰিছে সমগ্ৰ বলীউড। সকলোৱে কৈছে এইয়া বলীউডৰ কাৰণে অপুৰণীয় ক্ষতি ৷ বিগ বি অমিতাভ বচ্চনে টুইটাৰ যোগে প্ৰকাশ কৰে ” হাত যোৰ কৰি প্ৰাৰ্থনা,মন অশান্ত”।

আনহাতে অনুপম খেৰে টুইটাৰ যোগে প্ৰকাশ কৰে ” নৃত্যৰ মল্লিকা,সৰোজ খানক শেষ বিদায় ৷বলীউডৰ কলা কুশলীসকলৰ ওপৰিও সমগ্ৰ দেশক শিকাইছিল যে নৃত্য শৰীৰেৰে নহয়,হৃদয় আৰু আত্মাৰ দ্বাৰা কৰা হয় ।আপোনাৰ বিদায়ে নৃত্যৰ এটা যুগৰ অৱসান ঘটালে । মই ব্যক্তিগতভাৱে আপোনাৰ সৰু সৰু গালিকো বহুত স্মৰণ কৰিম”৷

ইফালে বলীউডৰ ধক ধক গাৰ্ল মাধুৰী দীক্ষিত টুইটাৰত এখন ফ’টো আপলোড কৰি লিখিছে যে “মোৰ গুৰু আৰু বন্ধু সৰোজ খানৰ মৃত্যুত ভাগি পৰিছো ।মোক সকলো ক্ষমতা নৃত্যৰ মাজেৰে উলিয়াই অনাৰ কাৰণে আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ম। বিশ্বৰ এগৰাকী প্ৰতিভাশালী মহিলাক আমি হেৰুৱালো। মই আপোনাক স্মৰণ কৰিম। তেওঁৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা৷”

উল্লেখযোগ্য যে সৰোজ খানে তিনি বছৰ বয়সতে শিশু অভিনেত্ৰী হিছাপে বলীউডত প্ৰবেশ কৰিছিল ৷ ইয়াৰ পিছত ৫০ ৰ দশকত ব্ৰেকগ্ৰাউণ্ড ডান্সাৰ হিচাপে কাম আৰম্ভ কৰে বলীউডত ৷আৰু ১৯৭৪ চনত “গীতা মেৰা নাম”শীৰ্ষক ছবিখনত সৰোজ খানে কৰিঅ’গ্ৰাফাৰ হিচাপে আত্মপ্ৰকাশ কৰে৷”মাডাৰ অফ ডান্স” খ্যাত সৰোজ খানে তেওঁৰ কেৰিয়াৰত প্ৰায় ২ হেজাৰ গানত কৰিঅ’গ্ৰাফ কৰে। শেষ বাৰৰ কাৰণে সৰোজ খানে ২০১৯ চনত কলংক ছবিৰ “তবাহ হো গয়ে”ত মাধুৰী দিক্ষীতৰ লগত কৰিঅ’গ্ৰাফ কৰিছিল ৷

 

Exit mobile version