এদিনতে ৫৫ হেজাৰ সংক্ৰমণেৰে অভিলেখ

adc0bbfad7b1428a9613b1690d07ad7a 18

এদিনতে সৰ্বাধিক লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ অভিলেখ গঢ়িলে আমেৰিকাই । যাৰ বাবে সম্প্ৰতি দেশখনৰ চিকিৎসকসকলৰো উদ্বেগ বৃদ্ধি পাইছে। কালি আমেৰিকাত ৫৫ হেজাৰ লোকৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰে। উল্লেখ্য যে বিশ্বত কৰ’না আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। সেই তালিকাত দীৰ্ঘদিন ধৰি শীৰ্ষস্থানত আছে আমেৰিকা, কিন্তু এদিনতে ইমান বৃহৎ সংখ্যক লোক আক্ৰান্ত হোৱা নাছিল। সংক্ৰমণৰ পৰিসংখ্যাৰ ভিত্তিত আমেৰিকাৰ পাছতে আছে ক্ৰমে ব্ৰাজিল, ৰাছিয়া আৰু ভাৰত। কিন্তু আমেৰিকাৰ চিকিৎসসকলৰ উদ্বেগ বৃদ্ধি কৰিছে এদিনতে বিপুল সংখ্যক লোক পজিটিভ হোৱাৰ তথ্যই। এদিনতে ৫৫ হেজাৰ লোক আক্ৰান্ত হোৱাত স্বাভাৱিকতে বিশেষজ্ঞসকলৰ চকু কপালত উঠে। ইয়াৰ ফলত আমেৰিকাত মুঠ আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ২৮ লাখ ৩৭ হেজাৰ ১৮৯ জন। ইয়াৰ ভিতৰত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা এক লাখ ৩১ হেজাৰ ৪৮৫ জন। আনহাতে, সুস্থ হৈ ঘৰলৈ উভতিছে ১১ লাখ ৯১ হেজাৰ ৯১ জন।

উল্লেখ্য যে যোৱা ১৯ জুনত ব্ৰাজিলত এদিনতে ৫৪ হেজাৰ ৭৭১ জন লোকৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰিছিল। কালি আমেৰিকাই ব্ৰাজিলৰ সেই বিশ্ব অভিলেখ ভংগ কৰে। আন্তৰ্জাতিক সংবাদ সংস্থা ৰয়তটাৰৰ এখন তালিকাত এই তথ্য প্ৰকাশিত হৈছে। বৃহস্পতিবাৰে ফ্ল’ৰিডাত নিশাটোতে ক’ভিড-১৯ ৰোগীৰ সংখ্যা সৰ্বাধিক হৈ পৰে। ইয়াৰ ফলতে মুঠ আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা বুলি একাংশ বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। এই প্ৰসংগতে হোৱাইট হাউচৰ মুখ্য স্বাস্থ্য উপদেষ্টা এন্হনী ফ’চিয়ে এক চাঞ্চল্যকৰ তথ্য দাঙি ধৰে। ফ’চিয়ে কয়, ‘কৰ’না ভাইৰাছে জিনৰ গঠনগত পৰিৱৰ্তন ঘটাইছে। ফলত ভাইৰাছৰ শৰীৰত এম্যিন’ এচিডৰ ছিকুৱেন্সৰো পৰিৱৰ্তন ঘটিছে। ইয়াৰ প্ৰভাৱতে ভাইৰাছ যেতিয়া মানুহৰ শৰীৰত বিভাজিত হৈ পৰিছে, তেতিয়াই তাৰ প্ৰতিটো নতুন ষ্ট্ৰেন আৰু অধিক শক্তিশালী হৈ উঠিছে। সেই অৱস্থাটোৱেই অধিক লোকক সংক্ৰমিত কৰিছে।’ জাৰ্ণেল অৱ আমেৰিকান মেডিকেল এছ’ছিয়েচনৰ দ্বাৰা আয়োজিত অনলাইন কনফাৰেন্সত কৰ’নাৰ জেনেটিক মিউটেচন সন্দৰ্ভত এই নতুন তথ্য দাঙি ধৰে স্বাস্থ্য উপদেষ্টাজনে।

Exit mobile version