হাতে-হাতে সুৰাৰ বটল লৈ নৃত্যৰ তালে তালে অগণন লোক । দীৰ্ঘদিনৰ অন্তত ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছে এই লোকসকল । কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চেক চৰকাৰে দেশখনৰ অন্যান্য চহৰৰ লগতে প্ৰাগ চহৰতো তলাবন্ধ ঘোষণা কৰিছিল।শেহতীয়াকৈ প্ৰাগত প্রত্যাহাৰ কৰা হৈছে তলাবন্ধ; কিন্ত প্ৰশাসনৰ তৰফৰ পৰা তলাবন্ধ প্ৰত্যাহাৰ কৰা চহৰবিলাকক এতিয়াও কৰ’নামুক্ত হিচাপে ঘোষণা কৰা হোৱা নাই; কিন্ত তলাবন্ধ প্ৰত্যাহাৰত উল্লিখিত জনতাৰ বাবে সুযোগ আনি দিয়ে উদযাপন অনুষ্ঠান আয়োজনৰ ।
চাৰ্লছ ব্ৰিজ নামৰ দলংখনৰ ওপৰতে কৰ’না ভাইৰাছৰ মৃত্যু উদযাপন কৰিবলৈ উবুৰি খাই পৰে স্থানীয় আৱাসীসকল। স্থানীয় ভলটাভা নদীৰ ওপৰত থকা ডেৰশ বছৰ পুৰণি দলংখনৰ ওপৰতে অনুষ্ঠিত হয় এই বিশাল আয়োজনৰ । প্ৰাগৰ আৱাসী সকলৰ মতে কৰ’না ভাইৰাছৰ মৃত্যু হৈছে । এই আনন্দ-উল্লাসতে সামাজিক দূৰত্বৰ কথা সম্পূৰ্ণভাৱে অগ্ৰাহ্য কৰে উপস্থিত লোকসকলে। কৰ’না স্বাস্থ্য বিধিকো সম্পূৰ্ণৰূপে উলংঘা কৰি এজনে আনজনৰে অতিকৈ ঘনিষ্ঠ হৈ পৰিছিল কৰ’না ভাইৰাছৰ এই মৃত্যু উৎসৱত।