অসমৰ পৰা ৫০ টকাত নিয়া কুকুৰ নাগালেণ্ডত বিক্ৰী হয় দুহেজাৰ টকাত

WhatsApp Image 2020 07 04 at 9.09.42 PM

নাগালেণ্ড চৰকাৰে কুকুৰৰ মাংসৰ বাণিজ্যিক আমদানি, ব্যৱসায় আৰু বিক্ৰী নিষিদ্ধৰ সিদ্ধান্ত লৈছে। বস্তাৰ মোনাত কুকুৰ বান্ধি নিয়াৰ এখন ছবি ছ’চিয়েল মিডিয়াত বহুল প্ৰচাৰ হোৱাৰ পিছত সৃষ্টি হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ড চৰকাৰে এই সিদ্ধান্ত লয়। দ্বিতীয়বাৰৰ বাবে নাগালেণ্ড চৰকাৰে এনে সিদ্ধান্ত লৈছে। ইয়াৰ পূৰ্বে নাগালেণ্ড চৰকাৰে নগৰীয়া নিকায় নিগমক কুকুৰৰ মাংস বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল যদিও সেয়া কাৰ্যত ৰূপায়ণ নহ’ল। ‘ৰাজ্য চৰকাৰে কুকুৰৰ মাংস ব্যৱসায় আৰু বাণিজ্যিক আমদানি তথা কুকুৰৰ বজাৰ নিষিদ্ধ কৰিবলৈ সিদ্ধান্ত লৈছে। তদুপৰি কেঁচা বা ৰন্ধা উভয় প্ৰকাৰৰ কুকুৰৰ মাংস বিক্ৰী নিষেধৰ সিদ্ধান্ত লৈছে। ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰশংসা কৰিছে।’ এইদৰে টুইটযোগে প্ৰকাশ কৰে মুখ্য সচিব টেমাজন ট’য়ে।

আপত্তিজনক ছবিখনত পণ্য সামগ্ৰীৰ দৰে কুকুৰবোৰক বস্তাৰ বেগত ভৰাই নিয়া হৈছিল। সিহঁতৰ মুখবোৰ ৰচীৰে বান্ধি থোৱা আছিল। নগালেণ্ডৰ ডিমাপুৰৰ এখন জীৱ-জন্তু বিক্ৰীৰ বজাৰৰ ছবি এইখন। এওঁ ছবিখনক লৈ সামাজিক মাধ্যমত তীব্র বিতৰ্ক হয়। এটা স্বেচ্ছাসেৱী সংস্থাই চৰকাৰক কুকুৰৰ মাংস নিষিদ্ধ কৰিবলৈ নতুনকৈ আবেদন জনায়। উল্লেখ্য যে ৰাজ্যখনৰ কিছুমান সম্প্ৰদায়ৰ মাজত কুকুৰৰ মাংস সুস্বাদু খাদ্যৰূপে পৰিচিত। অন্যহাতে অসমত চোৰাং ব্যৱসায়ীৰ হৈ কাম কৰা কুকুৰ ধৰি দিয়া লোকক ক’লা বেপাৰীয়ে প্রতিটো কুকুৰৰ বাবদ দুশ টকাকৈ আদায় দিয়ে। এই কুকুৰ নগালেণ্ডৰ বজাৰত এহেজাৰ টকাকৈ বিক্ৰী হয়।

নাগালেণ্ডৰ বাটে পথে প্ৰতি কিলোগ্ৰাম কুকুৰৰ মাংসৰ দাম দুশ টকা। আনকি একেটা কুকুৰৰ দাম দুহেজাৰ টকা পৰ্যন্ত হয়। অৰ্থাৎ অসমত ধৰি দি বিক্ৰী কৰা কুকুৰটোৰ মূল্যতকৈ ৪০-৫০ গুণ অধিক মূল্য হয়। নিশাৰ ভাগত ট্ৰাকভৰ্তি কুকুৰ কুকুৰ অসমৰ পৰা নাগালেণ্ডলৈ চোৰাং সৰবৰাহ কৰা হয়। অবৈধ ভাৱে অসম-নগালেণ্ড সীমান্ত পাৰ কৰোৱা হয় এই ট্ৰাকবোৰ। কুকুৰৰ মুখবোৰ টানকৈ বান্ধি থোৱা হয় যাতে সিহঁতে ভুকিব নোৱাৰে । এইদৰে নিয়াৰ পথত উশাহ বন্ধ হৈ বহু কুকুৰৰ মৃত্যু হয়।

Exit mobile version