এখন আত্মনিৰ্ভৰ ভাৰতৰ বিধি প্ৰস্তুত কৰো আহক!

pm modi rep 4 1593487393

ভাৰতত প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপৰ এক অতিশয় স্পন্দনশীল বাতাবৰণ আছে, যিয়ে ভাৰতক ৰাষ্ট্ৰীয়ভাৱে তথা বিশ্বব্যাপী গৌৰৱান্বিত কৰিছে । আমাৰ যুৱপ্ৰজন্মই সকলো খণ্ডতে প্ৰযুক্তিৰ সমাধান আগবঢ়াই শ্রেষ্ঠত্ব প্ৰতিপন্ন কৰিছে । ক’ভিড-১৯ মহামাৰীটোৱে বিস্তৃতভাৱে বিচ্ছিন্নতাৰ সৃষ্টি কৰাৰ বিপৰীতে আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে এই প্ৰত্যাহ্বান অতিক্ৰম কৰাটো সম্ভৱপৰ হৈছে । আমাৰ বজাৰৰ বৃহৎ সম্ভাৱনা কথা আমি সকলোৱে জানো যদিও এইসমূহে এই বজাৰখনৰ চাহিদা পূৰণ কৰিব পাৰে তেতিয়া অধিক উৎপাদন আশা কৰিব পাৰি। বৰ্তমান আমি ষ্টাৰ্ট-আপ আৰু প্ৰযুক্তি বাতাবৰণৰ ভিতৰত স্বদেশী এ’পৰ উদ্ভাৱন , বিকাশ আৰু প্ৰোৎসাহনৰ প্ৰতি অধিক মনোযোগ আৰু উদ্যম প্ৰত্যক্ষ কৰিছো । আমি যি সময়ত সমগ্ৰ দেশ এখন আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ কাম কৰি আছে, আমাৰ বজাৰ দখলৰ দৰে বিশ্বৰ হ’তেও ফেৰ মাৰিব পৰাকৈ এ’প প্ৰস্তুতৰ নিমিত্তে তেওঁলোকৰ প্ৰচেষ্টাৰ দিক-দৰ্শন , তেওঁলোকৰ কঠোৰ শ্ৰমক প্ৰেৰণা আৰু তেওঁলোকৰ প্রতিভাক পৰামৰ্শ প্ৰদান কৰিবলৈ এয়াই সুবৰ্ণ সুযোগ।

ষ্টাৰ্ট-আপ আৰু প্ৰযুক্তিৰ হ’তে কাম কৰি থকা সকলৰ এই লক্ষ্য সিদ্ধিত সহায় কৰিবলৈ, আত্মনির্ভৰ ভাৰত ইন’ভেচন চেলনজৰ হতে ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয় আৰু অটল ইন’ভেচন মিছন আগবাঢ়ি আহিছে।ইয়াক দুটা পথত চালিত কৰা হব : বৰ্তমানে থকা এপসমূহৰ প্ৰোৎসাহন আৰু নতুন এপৰ বিকাশ সাধন। বৰ্তমানে থকা এপসমূহৰ প্ৰোতসহন আৰু ই- লাৰ্নিং, ৱৰ্ক-ফৰ্ম-হ’ম, গেমিং, ব্যৱসায়, মনোৰঞ্জন, অফিচত ব্যৱহাৰ আৰু ছ’চিয়েল নেটৱৰ্কিং আদি শ্ৰেণীত সেইবোৰক প্ৰতিষ্ঠাপিত কৰিবলৈ, চৰকাৰে পৰামৰ্শ প্ৰদান ,হাতে হাত ধৰিব আৰু সমৰ্থন আগবঢ়াব।লিডাৰ-বৰ্ডৰ কাৰণে ভাল মানৰ এপসমূহ চিনাক্ত কৰিবলৈ ট্ৰেক-০১ এ ‍ক্ষিপ্ৰতাৰে কাম কৰিব আৰু এমাহৰ ভিতৰত এই কার্য সম্পূৰ্ণ হৈ উঠিব। নতুন এপ আৰু প্লেটফৰ্ম সৃষ্টিৰ অৰ্থে, ট্ৰেক-০২ ব্যৱস্থাই বজাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ধৰণা, সৃষ্টি প্ৰক্ৰিয়া, আৰ্হি প্ৰস্তুত আৰু গঢ়ি তুলিবলৈ সহায় আগবঢ়োৱাৰ জৰিয়তে ভাৰতত নতুন এ’প সৃষ্টিত সহায় কৰিবলৈ কাম কৰিব।এই প্ৰত্যাহ্বানৰ ফলাফল স্বৰূপে বর্তমানে থকা এপসমূহৰ লক্ষ্য প্ৰাপ্তিত অধিক দৃষ্টি আৰু স্পষ্টতাৰ প্ৰভাৱ পৰিব তথা সমগ্ৰ প্ৰণালীটোত পৰামৰ্শ, প্ৰযুক্তিগত সহায় আৰু তত্ত্বাৱধানৰ সহায়ত প্ৰযুক্তিগত ধূসৰতা নিৰ্মূলৰ অৰ্থে নতুন প্ৰযুক্তি আহিলা সৃষ্টিত সহায়ক হৈ উঠিব।

নতুন এপসমূহৰ কাৰণে এই খণ্ডসমূহত বিশাল সুযোগ আছে যিয়ে ভাৰত আৰু বিশ্বৰেই কেতবোৰ বিশেষ সমস্যা সমাধান কৰিব পাৰে । আমি পৰম্পৰাগত ভাৰতীয় খেলসমুহ এপৰ জৰিয়তে অধিক জনপ্ৰিয় কৰি তোলাৰ কথা চিন্তা কৰিব পাৰো নে? শিক্ষা,খেলা-ধূলা ইত্যাদিৰ কাৰণে শিশুসকলৰ লক্ষ্য কৰি আৰু বোধ গম্য হোৱাকৈ এপ প্ৰস্তুত কৰিব পাৰো নে? পূৰ্ণবাসন বা পৰামৰ্শ গ্ৰহণ কৰি থকা লোকসকলৰ তেওঁলোকৰ জীৱন যাত্ৰাত সহায়ক হৈ উঠিব পৰাকৈ আমি গেমিং এপৰ প্ৰস্তুত কৰিব পাৰো নে?এনে বহু প্ৰশ্ন আছে যাৰ উত্তৰ মাথোঁ সৃষ্টিশীল উপায়েৰে প্ৰযুক্তিয়েহে দিব পাৰিব।এই প্ৰত্যহ্বানৰে চৰকাৰ আৰু প্ৰযুক্তিৰ হত জড়িত সকলে যুটীয়া ভাৱে মোকা বিলা কৰিব যাৰ ফলশ্ৰুতি হব সৰ্বাংগীন। যদি আপুনি এনে আহিলা প্ৰস্তুত কৰি আছে বা এনে আহিলা প্ৰস্তুত কৰিবলৈ আপোনাৰ মন আৰু অভিজ্ঞতা আছে, তেতিয়াহ’লে আপুনিও এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। আত্মনিৰ্ভৰ ভাৰত এপ বাতাবৰণ গঢ়ি তুলিবলৈ অংশগ্ৰহণ আৰু সহায় কৰিবলৈ প্ৰযুক্তিৰ স’তে জড়িত মোৰ সকলোবোৰ বন্ধু-বৰ্গক আহ্বান জনাইছো । কোনে জানে, আপুনি প্ৰস্তুত কৰা এনে এপ যে ময়ো ব্যৱহাৰ কৰিব পাৰিম:

Exit mobile version