গন্ধিয়াত দুস্প্ৰাপ্য সোণবৰনীয়া গুইঁসাপ উদ্ধাৰ

WhatsApp Image 2020 07 05 at 7.29.21 PM

নলবাৰী জিলাৰ গন্ধিয়া গাঁৱত আজি দুপৰীয়া দুস্প্ৰাপ্য গুইঁ সাপ উদ্ধাৰ কৰি বন বিভাগক চমজায় দিয়ে ৷উল্লেখ্য যে- আজি দুপৰীয়া গন্ধিয়া গাঁৱৰ অধ্যাপক পাৰাৰ দ্বীপেন শৰ্মাৰ ঘৰৰ ভিতৰত কোনো এক প্ৰাণীৰ অৱস্থিতিৰ উমান পাই ৷ ঘৰৰ চৌহদৰ উপৰি ঘৰৰ ভিতৰত অনুসন্ধান কৰাত মুগা বৰণৰ এক বিসাক্ত ফেঁটি সাপ বুলি ধাৰণা কৰে আৰু গাঁৱৰ চুবুৰীৰ কেইজনমান যুৱকে সাপদালৰ মাৰি পেলোৱাৰ পণ লোবাৰ মাত্ৰকে উপস্থিত যুৱকৰ দলটোয়ে সেয়া বৃহৎ আকাৰৰ(প্ৰায় আঢ়ৈ কেজি ওজনৰ) দুস্প্ৰাপ্য সোনবৰনীয়া গুইঁসাপ বুলি চিনাক্ত কৰে ৷

লগে লগে জিতেন শৰ্মা আৰু দ্বিপেন শৰ্মাই গুইঁসাপ দালক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছতে দ্বিপেন শৰ্মাৰ পিঞ্জৰাত পিঞ্জৰাবদ্ধ কৰা গুইঁ সাপদাল চোৱাৰ বাবে গাঁৱৰ উপৰি ওচৰৰ গাঁৱৰ লোকে সাপদাল চোৱাৰ বাবে ভীৰ কৰে ৷ পিছত নলবাৰী বন বিভাগক ঘটনাৰ বিষয়ে জানিবলৈ দিয়ে ৷ বন বিষয়াই স্থানীয় বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক দুস্প্ৰাপ্য গুইঁ সাপদাল চমজাই দিবলৈ পৰামৰ্শ দিয়ে ৷ আবেলি ২-৩০ বজাত বেলশৰ আৰক্ষীয়ে দুস্প্ৰাপ্য গুইঁ সাপ দাল গন্ধিয়াৰ পৰা উঠাই নি বনবিভাগক অৰ্পন কৰিব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ দহ দিন পূৰ্বেও গন্ধিয়াৰ পূৰ্বপাৰাত অনুৰূপ ধৰণৰ সোনবৰনীয়া গুইঁসাপ এডাল উদ্ধাৰ কৰি বন বিভাগক গতাই দিছিল ৷

Exit mobile version