তলাবন্ধৰ প্ৰভাৱঃ ফলমূলৰ ব্যৱসায়ত নামিল শংকৰদেৱৰ প্ৰধান আচাৰ্য

IMG 20200705 WA0051

কৰ’না মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে তলাবন্ধৰ ঘোষণাৰ পিছত সাধাৰণ ৰাইজ আৰ্থিকভাৱে জৰুলা হৈ পৰিছিল ৷ কিন্তু চৰকাৰে খাটি খোৱা জনসাধাৰণক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে বিনামূলীয়াকৈ চাউল -দাইল আদি যোগান ধৰাত তেওঁলোক কিছু উপকৃত হ’ল ৷ আনকি তলাবন্ধৰ শিথিলৰ লগে লগে এই খিনি মানুহ নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল ৷ এতিয়া তেওঁলোকে একপ্ৰকাৰ স্বাভাৱিক জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছে যদিও ৰাজ্যত কিছু সংখ্যক এনেকুৱা বৃত্তিগত লোক আছে যি সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ এফালে পৰিয়ালক ভৰণ পোষণ দিয়াৰ তাগিদা আনফালে বৃত্তিগত পদমৰ্যদা ৰক্ষাৰ তাগিদা ৷

বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ অৱস্থা তেনেই দুখ লগা হৈছে ৷ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ বৰবৰী শংকৰদেৱ শিশু নিকেতনখন বিগত চাৰিমাহ ধৰি কৰ’না মহামাৰীৰ বাবে বন্ধ হৈ থকাত ছাত্ৰ ছাত্ৰীৰ পৰা আহিব লগা মাচুল বন্ধ হৈ পৰে ৷ ফলত শিক্ষানুষ্ঠানত নিয়োজিত প্ৰধান আচাৰ্যকে ধৰি আন আন আচাৰ্যসকলে যি কণ মাননি পায় তাৰ পৰাও বঞ্চিত হ’ব লগাত পৰে ৷ অতি নিম্নতম মাননীৰে কোনোমতে পৰিয়ালটোক পোহ-পাল দি থকা নিকেতনখনৰ প্ৰধানআচাৰ্য দিগন্ত ডেকাই অৱশেষত পৰিয়ালৰ ভোৰণ পোষণৰ তাগিদাত ফল মূল আৰু পাচলিৰ ব্যৱসায়ত ধৰিবলৈ বাধ্য হয় ৷

সমাজত সৎ আৰু দক্ষ শিক্ষক হিচাপে পৰিচিত যুৱ শিক্ষকজনৰ এই পদক্ষেপক একাংশ লোকে প্ৰশংসা কৰিছে যদিও প্ৰতিভাৱান যুৱক জনৰ প্ৰতিভা অকল পাচলি আৰু ফল মূলৰ ব্যৱসায়তে আৱদ্ধ থকাটো বহু লোকে বিচৰা নাই ৷ দিগন্ত ডেকাৰ দৰে হয়তো আৰু বহু ব্যক্তিগত খণ্ডৰ শিক্ষকে এনেদৰে আৰ্থিক অনাটনত দিন কটাব লগাত পৰিছে ৷ এই সকল দুৰ্ভগীয়া শিক্ষকলৈ চৰকাৰৰ সুদৃষ্টি পৰিবনে ? উল্লেখ্য যে দিগন্ত ডেকা বাক্সা আঞ্চলিক ছাত্ৰ সন্থাৰ বিগত কাৰ্যকালৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

Exit mobile version