দিবাং প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিলে অৰুণাচলে

Arunachal dam

গেৰুকামুখৰ নামনি সোৱণশিৰিকে ধৰি অৰুণাচলত নিৰ্মীয়মান আৰু নিৰ্মাণৰ তৎপৰতা অব্যাহত থকা বৃহৎ নদীবান্ধকেইটাৰ বিৰুদ্ধে অসমত দীৰ্ঘদিনৰ পৰা ব্যাপক প্ৰতিবাদ চলি  আহিছে ৷ তাৰ বিপৰীতে নিৰ্মাণ কাৰ্য ক্ষিপ্ৰ গতিত আগবঢ়াবলৈ তৎপৰতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰ্যালয়ক হেঁচা দিছে অৰুণাচল চৰকাৰে । বিশেষকৈ দুহেজাৰ শক্তি সম্পন্ন নামনি সোৱণশিৰি আৰু প্ৰস্তাৱিত ২৮৮০ মেগাৱাট শক্তি সম্পন্ন দিবাং বহুমুখী প্ৰকল্প দুটাৰ কাম ক্ষিপ্ৰ গতিত আগবঢ়োৱাৰ বাবে ৰাজ্যখনৰ চৰকাৰ শক্তি মন্ত্ৰণালয়ৰ দ্বাৰস্থ হৈছে ৷ এই ক্ষেত্ৰত অসম চৰকাৰৰো  সহযাগিতা বিচাৰিছে অৰণাচলে ৷

উল্লেখযোগ্য যে শেহতীয়াকৈ অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী তথা শক্তি বিভাগৰো দায়িত্ব থকা মন্ত্ৰী চৌনা মেইনে শক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আৰ কে সিঙক ইয়াৰ বাবে আৰ্হি দিয়ে। বিশেষকৈ উক্ত দুটা বৃহৎ প্ৰকল্পৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াই শেষ কৰিবলৈ যে অৰুণাচল চৰকাৰ আগ্ৰহী সেই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীজনক অৱগত কৰা হয় ৷ উপ মুখ্যমন্ত্ৰী মেইনে লগতে কয় যে অৰুণাচলত চৰকাৰে ১৩৫ টা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আগবাঢ়িছে ৷ ইয়াৰ জৰিয়তে ৩৫৬ মেগাৱাট বিদ্যুত উৎপাদনৰ লক্ষ্য লোৱা হৈছে । বিদ্যুত উৎপাদনত আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পৰিকল্পনাৰ কনচেপ্ট পেপাৰ শক্তি মন্ত্ৰণালয়ত দাখিল কৰা হৈছে ।

উল্লেখযোগ্য যে দিবাং প্ৰকল্পটোৰ ফলত অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি নামনিৰ বৃহৎ অংশ ধ্বংস হোৱাৰ আশংকা ৰাজ্যখনৰ বিভিন্ন দল সংগঠনে কৰিছে ৷ সেয়েহে প্ৰস্তাৱিত এই প্ৰকল্পটো বন্ধ কৰাৰ দাবী অসমত উঠিছে। তাৰ বিপৰীতে অৰুণাচলে আৰম্ভ কৰিছে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰু এই ক্ষেত্ৰত ৰাজ্যখন ইতিমধ্যে বহুদূৰ আগবাঢ়িছে ৷

Exit mobile version