পশ্চিম কাৰ্বি আংলঙত ব্যাপকভাৱে ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি

WhatsApp Image 2020 07 05 at 1.47.01 PM

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলঙতো ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ মহামাৰীয়ে । দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা। সম্প্ৰতি গ্ৰাম্যাঞ্চলতো বিয়পি পৰিছে ক’ভিড-১৯ৰ সংক্ৰমণ । শেহতীয়াকৈ খেৰণি আদৰ্শ চিকিৎসালয়ৰ অধীনত কৰ্মৰত দুজনকৈ লোক ক্ৰমে  অঞ্জলি তিমুংপী নামৰ এগৰাকী আশা কৰ্মীৰ লগতে নন মেডিকেল এচিষ্টেণ্ট নৰুল ইছলাম আৰু মাইলু স্বাস্থ্য কেন্দ্ৰৰ কৰ্মৰত নাৰ্ছ ৰিংকু সিঙৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত খেৰণি আদৰ্শ চিকিৎসালয় আৰু মাইলু স্বাস্থ্য কেন্দ্ৰক এতিয়া কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।

আনহাতে অঞ্জলি তিমুংপীয়ে বসবাস কৰা ডিক্ৰেঙ নামৰ গাঁৱখনৰ লগতে খেৰণিত অৱস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰি সম্প্ৰতি প্ৰৱেশ-প্ৰস্থান বন্ধ কৰিছে প্ৰশাসনে । উল্লেখযোগ্য যে আশা কৰ্মী গৰাকীয়ে যোৱা কে’বাদিন ধৰি অসম গ্ৰামীণ বিকাশ বেংকত সঘনে অহা-যোৱা কৰা বুলি প্ৰকাশ হোৱাত উক্ত বেংকটো কন্টেইনমেন্ট জ’নত অন্তৰ্ভুক্ত হৈ পৰিছে। বৃহত্তৰ খেৰণি অঞ্চলত ইতিমধ্যে দুখনকৈ চিকিৎসালয়, এটা বেংক আৰু এখন গাঁৱ ছিল অৰ্থাৎ কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

Exit mobile version