পুনৰ জম্মু-কাশ্মীৰত সংঘৰ্ষ

iedpulwamaani

জম্মু কাশ্মীৰৰ পুলৱামাত চৰ্কুলৰ পথত চিআৰপিএফক কেন্দ্ৰ কৰি সন্ত্ৰাসবাদীয়ে আইডি বিস্ফোৰণ ঘটোৱাৰ লগতে সন্ত্ৰাসবাদীয়ে চিআৰপিএফলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ পুৱা ৭.৪০ মিনিটত হোৱা এই ঘটনাত চিআৰপিএফৰ ১৮২ নং বেটেলিয়নৰ এক জোৱান শ্বহীদ হয় ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা আইডি উদ্ধাৰ কৰে যদিও পিছত সেয়া নিস্ক্ৰিয় কৰা হয় ।চিআৰপিএফলৈ কেন্দ্ৰ কৰি সন্ত্ৰাসবাদীয়ে আৰু অধিক আক্ৰমণাত্মক হৈছিল যদিও কথমপি ৰক্ষা পৰে সেনাৰ দলটো ।

ইফালে চাৰিদিন পূৰ্বে জম্মু কাশ্মীৰৰ বাৰামূলা জিলাত চপোৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এজন জোৱান শ্বহীদ হোৱাৰ লগতে তিনিজন জোৱান আহত হয় । লগতে এজন নাগৰিকৰ মৃত্যু হয়। সেই নাগৰিকৰ জনৰ লগত আছিল তিনি বছৰীয়া তিনি শিশু । অৱশ্যে পিছত শিশুটিক ঘৰত থোৱাৰ ব্যৱস্থা কৰে সেনা বাহিনীয়ে । উল্লেখযোগ্য যে বিগত বৰ্ষত পুলৱামাত জইচ ই মহম্মদ নামৰ সন্ত্ৰাসবাদীৰ সদস্যই কৰা আত্মঘাটি আক্ৰমণত ৪৪ জনকৈ চি আৰ পি এফ জোৱান নিহত হৈছিল ৷

Exit mobile version