- ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ মহানগৰীত ১৪ দিনৰ তলাবন্ধৰ লগতে ৰাজ্যত শনিবাৰ আৰু দেওবাৰে দিয়া হৈছে তলাবন্ধ ৷ কিন্তু কৰ’নাক প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধৰ নীতি নিয়মে কিমান লোক মানি চলিছে ৷ সেই সন্দৰ্ভত শেহতীয়াকৈ পোৱা গৈছে তথ্য ৷
- সেই অনুসৰি তলাবন্ধৰ সময়ত ৩৯০৬ টা ঘটনা সংঘটিত হৈছে। গ্ৰেপ্তাৰ হৈছে ৪৭৭৭ জন ৷
- জব্দ কৰা বাহনৰ সংখ্যা ৩৫,০৫৬ খন ।
- ইয়াৰে দুচকীয়া ৩০,৯৩১খন, তিনিচকীয়া ৭২৬ খন, চাৰিচকীয়া ৩২৭১ খন, ছয়চকীয়া ৭৬ খন, বাছ ৪ খন, ট্ৰাক ২৮ খন, ট্ৰেইলৰ ১ খন, ট্ৰেক্টৰ ১৫ খন, জে চি বি ০৩, পকলেণ্ড ০১ জন জব্দ কৰা হৈছে ৷
- জৰিমনা সংগ্ৰহ কৰা হৈছে ৪,৫৭,৮৯,১৫০ টকা ৷
- মাস্ক পৰিধান নকৰাৰ কাৰণে জৰিমনা বিহা হৈছে ৭৩,২৪,৫০০ টকা ৷
- আইন-কানুন ভংগ কৰাৰ কাৰণে ৭ টা কেচ ৷ ইয়াৰে দৰঙত ২ টা, ডিব্ৰুগড় ১ টা, নগাঁও ১, চিৰাং ১, শোণিতপুৰত ১, লখিমপুৰ ১ টা কেছ পোৱা গৈছে ।
- ছ’চিয়েল মিডিয়াত ভূৱা বাতৰি প্ৰচাৰৰ কাৰণে কেচ দাখিল হৈছে ৯৭ টা কেচ আৰু এই সংক্ৰান্তত গ্ৰেপ্তাৰ হৈছে ৫১ জন ৷