দোমোজাত অ’লীঃ নিজৰ গাদী ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কেপি শৰ্মা অ’লীৰ

nepal oli

নিজৰ আসনখন ৰক্ষা কৰিবলৈ সকলো প্ৰকাৰ চেষ্টা কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীয়ে ৷অৱশ্যে প্ৰধানমন্ত্ৰী অ’লীৰ আসন ৰক্ষা হ’ব নে নহয় সেই সন্দৰ্ভত সোমবাৰেও কোনো সিদ্ধান্তত উপনীত নহ’ল৷ সোমবাৰে অ’লী আৰু পুস্প কমল দাহাল প্ৰচণ্ডৰ মাজত প্ৰায় তিনি ঘন্টা ধৰি বৈঠক অনুষ্ঠিত হয় ৷মংগলবাৰে পুনৰ এই দুয়োজন নেতাৰ মাজত বৈঠক অনুষ্ঠিত হ’ব ৷ইফালে এক বিশেষ সূত্ৰৰ মত অনুসৰি অ’লী আৰু প্ৰচণ্ডৰ মাজত মনোমালিন্য হ্ৰাস হোৱা নাই।

শনিবাৰ,দেওবাৰ আৰু সোমবাৰে এই দুয়োজন নেতাই মতবিনিময় কৰিছিল ৷কিন্তু কোনো ধৰণৰ সিদ্ধান্তত উপনীত নহ’ল তেওঁলোক ৷ সেয়েহে পুনৰ মংগলবাৰে পুনৰ দুয়োজন নেতাই মতবিনিময় কৰিব। ইয়াৰ পিছত বুধবাৰে হ’ব লগা ষ্টেণ্ডিং কমিটীত শেষ সিদ্ধান্ত ল’ব ৷উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে অ’লিৰ গাদী ৷

সেয়েহে নিজৰ আসনখন যিকোনো প্ৰকাৰে বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছে অ’লী। ইফালে বুধবাৰে হ’ব লগা কমিটিখনৰ বৈঠকত আছে ৪০ জন প্ৰাৰ্থী ৷ইয়াৰে ৩০ জনেই অ’লীৰ পদত্যাগ বিচাৰে ৷ গতিকে সকলোৱে অ’লীৰ পদত্যাগৰ বিষয়টোকে কেন্দ্ৰ কৰি দলটো বিচ্ছিন্ন হোৱাৰ আশংকা প্ৰকাশ কৰিছে। আনহাতে দলৰে বহু নেতায়ে অ’লীক লৈ ক্ষোভিত হৈ পৰিছে ৷কাৰণ প্ৰধানমন্ত্ৰী অ’লী ক’ভিড১৯ ক প্ৰতিৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷দুৰ্নীতিৰ প্ৰসংগত সততে উত্থাপন হৈ থকা বিষয়বোৰতো তদন্ত কৰা নাই অ’লীয়ে ৷

ইয়াৰ বিপৰীতে ভাৰতক লৈ কৰা অভিযোগে শেহতীয়াকৈ তেওঁৰ নিজৰ দলতেই যথেষ্ট চৰ্চা লাভ কৰিছিল ৷তেওঁৰ দলৰ নেতাসকলৰ অনুসৰি সীমান্ত বিবাদৰ সন্দৰ্ভত অ’লীয়ে ভাৰতৰ লগত আলোচনা নকৰে। গতিকে অ’লীৰ শাসন অতীত হ’ব নে ভৱিষ্যতলৈ আগবাঢ়িব সেয়া সময়হে ক’ব ৷

Exit mobile version