ধোৱা চাঙত উঠিল তলাবন্ধ : বহু ক্ৰেতাৰ হাতত নাই হেণ্ড গ্ল’ভছ

WhatsApp Image 2020 07 06 at 1.39.07 PM

মহানগৰীৰত পুৱাই ধোৱা চাঙত উঠিল তলাবন্ধ । চৰকাৰী নীতি নিৰ্দেশনাক জলাঞ্জলি দি হেণ্ড গ্ল’ভছ অবিহনে বজাৰলৈ ঢাপলি মেলিলে ৰাইজে । গণেশগুৰিৰ বজাৰত দুই এজন সচেতন নাগৰিকৰ বাহিৰে বহুতৰে হাতত নাই গ্লভছ, নাই সামাজিক দূৰত্ব । প্ৰশাসনক ভেঙুচালি কৰি গণেশগুৰিৰ একাংশ বিক্ৰেতাই মাস্ক পৰিধান কৰিছে যদিও হাতত নাই হেণ্ড গ্লভছ । একেদৰে বামুনীমৈদামৰ বজাৰততো দেখা গ’ল বিৰ দি বাট নোপোৱা অৱস্থা । ক্ৰেতা বিক্ৰেতাৰ বহুতে হাতত নাই হেণ্ড গ্ল’ভছ ।

আনহাতে বামুনীমৈদামৰ কলনীৰ একাংশই বিনা কাৰণত ওলাই অহাৰ ফলত আৰক্ষীয়ে একাংশক কৰায়ত্ব কৰি থানালৈ লৈ যোৱা দেখা গ’ল। বাৰম্বাৰ প্ৰশাসনে নীতি-নিৰ্দেশনা জাৰি কৰাৰ পিছতো একাংশই বজাৰলৈ বুলি ব্যক্তিগত বাহন অনাৰ ফলতো আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় । যাৰ ফলত বহু লোককে আৰক্ষীয়ে কৰায়ত্ব কৰি থানালৈ নিবলৈ বাধ্য হয়। খাদ্যসামগ্ৰী ক্ৰয়ৰ বাবে গ্ৰাহকৰ সুবিধাৰ বাবে আজি  প্ৰশাসনে তলাবন্ধ কিছু শিথিল কৰাত বামুনীমৈদামৰ বহুলোক বেংকলৈ বুলিও ওলাই আহে । যাৰ বাবে বহু লোকক আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়াও হয় । মুঠৰ ওপৰত কি গনেশগুৰি, কি বামুনীমৈদাম সকলোতে এক বিশৃংখল পৰিবেশৰ সৃষ্টি কৰে একাংশ অসচেতন লোকে।

Exit mobile version