সমন্বয়হীনতাত দিছপুৰ

Lockdown

অসম চৰকাৰ তথা ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত চূড়ান্ত অভাৱ ঘটিছে৷ শেহতীয়া কেতবোৰ ঘটনাই এই কথা লজ্জাজনক ভাৱে উদঙাই দিছে । তদুপৰি সাধাৰণ ৰাইজৰ অৱস্থাৰ ভূ নোপোৱা তথা তৃণমূলৰ স’তে সম্পৰ্ক নথকা একাংশ আমোলা বিষয়াই যে ৰাজ্য পৰিচালনাৰ দায়িত্ব লাভ কৰিছে সেয়াও বাৰম্বাৰ স্পষ্ট হৈছে চৰকাৰৰ বিভিন্ন কৰ্মকাণ্ডত ৷শীৰ্ষ আমোলাই জাৰি কৰা এটাৰ পাছত আন এটা নিৰ্দেশনা মাত্ৰ কেইঘন্টামানৰ ভিতৰতে বাতিল কৰা অথবা ব্যাপক সংশোধন ঘটোৱাৰ ঘটনাই ৰাইজক চৰম বিভ্ৰান্তিৰ মুখলৈ ঠেলি দিছে ৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধিকাংশ শেহতীয়া নিৰ্দেশনাক লৈয়ে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পূৰ্বৰ অন্যান্য নিৰ্দেশনাতো বাদেই অসমত কাৰ্যকৰী হোৱাকৈ ব্যৱসায়িক ক্ষেত্ৰত কে’বাটাও শিথিলতা প্ৰদান কৰা হৈছে ৷ সেইবোৰ সন্নিবিষ্ট কৰি শনিবাৰে দুপৰীয়া এক নিৰ্দেশনা জাৰি কৰিছিল মুখ্য সচিবে ৷

ইয়াৰ পিছত পুনৰ টুইটাৰ যোগে মুখ্য সচিব কৃষ্ণাই সেয়া নিৰ্দেশনা পুনৰ সংশোধন কৰাৰ কথা কয় । এই ক্ষেত্ৰত কিছু সালসলনি কৰা হৈছে কিছু নীতি নিয়ম ৷ সেই অনুসৰি ৬ জুলাইৰ পৰা ১০ জুলাইলৈ পুৱা ১১ বজাৰ পৰা ৪ বজালৈকে খুলিব পাৰিব দোকান। দোকানৰ কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰাৰ উপৰিও হেণ্ডগ্ল’ভচ, গ্ৰাহকলৈ চেনিটাইজাৰ,আৰু গ্ৰাহকে সামাজিক দূৰত্ব মানিব লাগিব ৷ পাইকাৰী দোকানসমূহ খুলিব পাৰিব ৫ আৰু ৭ জুলাইত বিয়লি ১২ বজাৰ পৰা ৬ বজালৈকে খুলিব পাৰিব। এফচিআই কাম কাজ কাইলৈৰ পৰা আৰম্ভ কৰিব ৷ ৬ আৰু ৮ জুলাইত পুৱা ৮ বজাৰ পৰা ১০ বজালৈ শাক পাছলি বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে । আনহাতে পশু চিকিৎসা কেন্দ্ৰ,ঔষধৰ বিপনী ৬ আৰু ৮ জুলাইৰ দিনা খুলিব পাৰিব।এনে নিৰ্দেশনাক লৈ স্বাভাৱিকতে সৃষ্টি হৈছে বিভ্ৰান্তিৰ ৷

নতুন নিৰ্দেশনাক লৈ কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুৱে কয় যে গেলামালৰ দোকান কেৱল দুদিনৰ বাবে খোলাৰ অনুমতি দিয়া হৈছে । সেয়ে সময়সীমা সলনি কৰা হৈছে ইপিনে জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গ্ৰাহকে যাতে ভিৰ নকৰাকৈ সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ কাৰণে গেলামালৰ খুচুৰা দোকান পাঁচদিন খোলা থাকিব । উল্লেখযোগ্য যে এইদৰে ইখনৰ পিছত সিখন নিৰ্দেশনা সালসলনি কৰাৰ বিষয়টোৱে চৰকাৰত সমন্বয়হীনতা আৰু একাংশ আমোলা বিষয়াৰ ৰাইজৰ লগত সম্পৰ্কহীনতাকেই স্পষ্ট কৰি দিছে ।

Exit mobile version