অইলে পূৰ্বতে ঘোষণা কৰা ২৭ কোটিকে পুনৰ ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sarbananda Sonowal Contact Details

জৈব বৈচিত্ৰ্যতাৰে ভৰপূৰ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি মতাংপু বিলৰ প্ৰাকৃতিক শোভাৰ মাজত অৱস্থিত বাঘজান অঞ্চলত খৰস্ৰোতা অনন্ত নদীৰ ব্যাপক গৰাখহনীয়া অব্যাহত আছে ৷ সেউজীয়া প্ৰকৃতিৰ ৰম্যভূমি বাঘজানত ১৯৯২ ৰ পৰা সৃষ্টি হোৱা এই বান গৰাখহনীয়াৰ কৰাল গ্ৰাসত অঞ্চলটোত স্থলভাগ ভৌগোলিক মানচিত্ৰৰ পৰা ক্ৰমাৎ হ্ৰাস পাই আহিছে। উল্লেখযোগ্য যে অইল ইণ্ডিয়া লিমিটেডৰ সৃষ্টি তৈলখাদৰ জুইৰ সমান্তৰালভাৱে বাঢ়নী পানীৰ মাজত সহৱস্থান কৰি অহা বাঘজানবাসীয়ে দীৰ্ঘদিনৰ পৰা নিজ ভূখণ্ড নদীৰ বুকুত হেৰুৱাইছে যদিও আজিও এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কোনো আগবাঢ়ি নাহিল । ১২ মাহেই খহনীয়াই ভয়াৱহতাৰ সৃষ্টি কৰি অহা অনন্ত নদীৰ বুকুত ২০০৪ তে বাঘজান কলীয়াপানীৰ গাঁৱখনৰ প্ৰায় ৫০ টা পৰিয়ালৰ বিস্তৰ কৃষিভূমিৰ লগতে ঘৰ বাৰী জাহ যোৱাৰ ফলত সম্পূৰ্ণ গাঁওখন তিনিচুকীয়াৰ ভীমপাৰাত সংস্থাপিত হ’বলগীয়া হয়।

উল্লেখযোগ্য যে ১৯৯২ ৰ পৰা নদীখনে অব্যাহত ৰখা খহনীয়াৰ ফলত আসাম টি কোম্পানীৰ দীঘলটৰং চাহ বাগিচাৰ ৫৬০ বিঘা আৰু এম কে শ্বাহ এক্সপট লিমিটেডৰ বাঘজান চাহ বাগিচাৰ ১৩০ বিঘা চাহ গছৰে পৰিপূৰ্ণ ভূমি নদীৰ বুকুত জাহ যায়। বৰ্তমানেও নদীখন অব্যাহত ৰখা ব্যাপক খহনীয়াৰ ফলত এই খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে একো নকৰাৰ অভিযোগ উঠিছে । উল্লেখযোগ্য যে শেহতীয়াকৈ বাঘজানৰ তৈলঘাদত সংঘটিত অগ্নিকাণ্ডৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালে যোৱা ১৪ জুনত তাত উপস্থিত হৈ এই গৰাখহনীয়া ৰোধৰ বাবে ২৭ কোটি টকা ঘোষণা কৰাৰ পাছতে পুনৰ চৰ্চালৈ আহিছে বাঘজানৰ দীৰ্ঘদিনৰ গৰাখহনীয়া সমস্যা ।

তথ্য অনুসৰি কেন্দ্ৰৰ ইউ পি চৰকাৰৰ দিনত তদানীন্তন ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰে বাঘজানৰ গৰাখহনীয়া পৰিদৰ্শন কৰি ইয়াৰ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ন কোটিৰ পেকেজ ঘোষণা কৰিছিল । কিন্তু এইয়া কেৱল ঘোষণাতে আৱদ্ধ হৈ ৰ’ল । সমান্তৰালভাৱে বাঘজানৰ গৰাখহনীয়া ৰোধৰ বাবে কে’বাটাও ছাত্ৰ সংগঠনৰ লগতে স্থানীয় যুৱক সংঘৰ হেঁচাত দুলীয়াজান ডিভিজনৰ অইল কৰ্তৃপক্ষই ২০১৯ অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ২৭ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰে ৷ চলিত বৰ্ষৰ মাৰ্চত ইয়াৰ নিবিদা আহ্বান কৰাৰ কথা আছিল যদিও সাম্প্ৰতিক পৰিস্থিতিত সম্পূৰ্ণ কাম বন্ধ হৈ পৰে ।

Exit mobile version