ডিজিটেল ষ্ট্ৰাইক

tiktok

1133793996

ভাৰত চীন সীমান্ত যুদ্ধৰ পিছত ৰঙা চীনৰ বিৰুদ্ধে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে আমেৰিকাই ৷ শেহতীয়াকৈ আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক’ পাম্পিঅ’ই কয় “তেওঁলোকও চীনৰ কিছুমান এপ বন্ধ কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে ৷ ইয়াৰ ভিতৰত আছে টিকটকে আদি কৰি বহু এপপ। এই বিষয়ক সম্প্ৰতি চিন্তা চৰ্চা কৰি আছে ৷ এই ক্ষেত্ৰত শেষ সিদ্ধান্ত ল’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।” ইতিমধ্যে ভাৰত চীনৰ গালৱান উপত্যকাৰ সংঘাতৰ পৰিণাম স্বৰূপে কেন্দ্ৰীয় চৰকাৰে চীনৰ প্ৰায় ৫৯ টাকৈ এপ ভাৰতত নিষিদ্ধ কৰিলে। এই সন্দৰ্ভত ভাৰত চৰকাৰৰ তথ্য আৰু পৰিক্ৰমা বিভাগৰ ফালৰ পৰা এখন তালিকা প্ৰস্তুত কৰা হৈছে। ভাৰত চৰকাৰৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে ।

ইফালে ভাৰত চৰকাৰে নিষিদ্ধ কৰা এপসমূহৰ ভিতৰত আছে যুৱক যুৱতীৰ মাজত জনপ্ৰিয় টিকটক, শ্বেয়াৰইট, কেৱাই, ইউচি ব্ৰাউজাৰ, শ্বেইন, ক্লেচ অফ কিংছ, ডি য়ু বেটাৰী, হেলো, লাইকি, ভাইৰাছ ক্লীনাৰ, বিউটি প্লাছ আদি এপসমূহ নিষিদ্ধ কৰিছে ভাৰতত । আনহাতে এই এপসমূহৰ ওপৰত দীৰ্ঘদিনৰ পৰা বিভিন্ন অভিযোগ লাভ কৰি অহা বুলি উল্লেখ কৰিছে ভাৰত চৰকাৰে । উল্লেখযোগ্য যে চীন ভাৰতৰ উচ্চ পদস্থ বিভিন্ন বৈঠকৰ পিছতো অতপালি হ্ৰাস পোৱা নাছিল ৰঙা চীনৰ ৷ ইয়াৰ পিছত ভাৰতৰ বিভিন্ন ক্ষেত্ৰত চীনৰ এপসমূহ পৰিহাৰ কৰিবলৈ জনগনে প্ৰতিবাদ কৰিছিল ৷ শেহতীয়াকৈ ভাৰত চৰকাৰে লোৱা এই সিদ্ধান্তক আদৰি লৈছে ভাৰতৰ জনগনে ৷

Exit mobile version