মঙলদৈ জিলা কাৰাগাৰৰ কাৰাবন্দীৰ দেহত ওলাল ক’ভিড-১৯

coronavirus agencies 1

শেহতীয়াকৈ মঙলদৈ জিলা কাৰাগাৰত থকা ফৰিজল আলী(২৫) নামৰ কাৰাবন্দি জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ । চুৰি কৰাৰ অপৰাধত ১ জুলাইত কাৰাগাৰলৈ যোৱা ফৰিজলৰ ঘৰ মঙলদৈ থানাৰ অন্তৰ্গত ১ নম্বৰ অপৰীয়া চাপৰিত । কাৰাগাৰলৈ যোৱাৰ পূৰ্বে ১ জুলাইত স্বাব গ্ৰহণ কৰা হৈছিল ফৰিজলৰ আৰু ৬ জুলাইৰ নিশা ফলাফল ওলোৱাত নিশাৰ ভিতৰতেই তেওঁক ক’ভিড হস্পিতালত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ফৰিজলৰ লগত একেলগে জেলত থকা আনসকল কাৰাবাসীৰ এতিয়া কি হ’ব। জেলৰ ভিতৰত এতিয়া গণ সংক্ৰমণ হ’ব নেকি আদি বিভিন্ন প্ৰশ্নই এতিয়া জুৰুলা কৰিছে জেল কতৃপক্ষৰ লগতে কাৰাবাসী সকলকো ।

Exit mobile version