কৰ’নাৰ প্ৰভাৱঃ হাজো পঞ্চতীৰ্থৰ দুৱাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ

monikut hill1

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’নাৰ মহামাৰীয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । মহামাৰী কৰ’না প্ৰতিৰোধ কৰাৰ বাবে ইতিমধ্যে ৰাজ্যত দীঘলীয়া তলাবন্ধ চলি আছে । ইয়াৰ মাজতে বিগত কেইদিনমানৰ বাবে হাজো পঞ্চতীৰ্থৰ দুৱাৰ খোলা আছিল যদিও বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা পুনৰ অনিৰ্দিষ্টকাললৈ দুৱাৰ বন্ধ থাকিব ।

ADVERTISEMENT

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, কামেশ্বৰ মন্দিৰ, গনেশ মন্দিৰ, কমলেশ্বৰ আৰু কেদাৰেশ্বৰ মন্দিৰৰ দুৱাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব বুলি পঞ্চতীৰ্থৰ দলৈ শিৱ প্ৰসাদ শৰ্মাই জানিবলৈ দিয়ে ৷

ইফালে ৰাজ্যত চলি থকা বনমহোৎসৱ সপ্তাহৰ অংশ হিচাপে আজি হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাঙ্গণত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ বৰ্মনে। লগতে উপস্থিত থাকে দলৈ শিৱ প্ৰসাদ শৰ্মা, সদস্য দ্বীজেন ভৰালী, বাবুল মজুমদাৰ, অশ্বিনী শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তি সকলে।

Exit mobile version